বলো, হৰ আৰু দয়াৰাম গৈ গৈ ৰাতি দহ বজাত জালি-
হঁতৰ গাওঁ পালে। বলোৰ ঘৰলৈ আৰু দুৰৈ। তাতে তেওঁ-
লোকে ভাবিলে বলো আগ দিনা নহা দেখি সুভদ্ৰাই চাগৈ
বৰকৈ চিন্তা কৰি আছে। সেই কাৰণে সুভদ্ৰাৰ ঘৰলৈ
যোৱাই ভাল বুলি তেওঁলোকে স্থিৰ কৰিলে। সুভদ্ৰাৰ ঘৰৰ
পৰা অলপ আঁতৰতে এখন দোকান আছিল। দোকানখন
এতিয়াও বন্ধ হোৱা নাই। এই ৰাতি হঠাৎ তিনিজন আলহী
ওলালে সুভদ্ৰাই খোৱাৰ যোগাৰ কৰিবলৈ টান পাব বুলি
ভাবি বলোৱে তাৰ পৰাই অলপ ডাইল আৰু আলু লৈ যাবৰ
মন কৰি দোকানত সোমাল।
বলো মাজে—সময়ে সুভদ্ৰাৰ ঘৰলৈ আহি থাকে অাৰু
কেতিয়াবা কেতিয়াবা এই দোকানৰ পৰাই কিবাকিবি লৈ
যায়। সেই কাৰণে, দোকানীয়ে তেওঁক ভালকৈ চিনে।
এতিয়া দেখা পাই সুধিলে,—“ক’ৰ পৰা আহিল?”
বলো। —মই কলিয়াবৰলৈ গৈছিলোঁ ; এতিযা অহাতে
আছোঁ।
দোকানী। — ভালে হে বিয়াত নাই। মই আকৌ বিয়া
ঘৰত নেদেখি আচৰিত মানিছিলোঁ। আপুনি নো ভাগিনীয়েকৰ
বিয়াখন এৰি আঁতৰি যাব লাগেনে ?