আৰু অমিতা এটা আনি বাবাজীৰ আগত দিলে; পানী এঘটিও
আনিলে । তাকে দেখি বাবাজীয়ে ক’লে,-“মৈ কভী কভী
সামান্য ভোজন কৰ লেতা হুঁ । ৱহ ভী যদি কোই বড়া ভক্তি
সে মহীনে দোঁ মহীনেকে অন্ত মে দে তব । আজ এক মহীনা
সাত দিন কুছ নহীং খায়া । আজ তুমনে ভক্তিসে দিয়া হৈ ।
নহীং খানেসে তুমকো কষ্ট হোগা । ইসলিয়ে কেলে হী খাতা হুঁ৷”
এই দৰে কৈ বাবাজীযে কল এই গুচাই তাৰে এডোখৰ
ওচৰত থকা ছাগলী পোৱালী এটাক দি বাকী ডোখৰ খালে ।
তাৰ পাচত এচলু পানী খাই কলে,— ”চবকৈ
লিয়ে হো জায়গা, অৱশিষ্ট লে যাও । ইতনী বস্তু য়ে
সাল ভৰ মৈ ভী নহী জাতী।”
তাৰ পাচত নৰায়ে ৰূপ এটকা আৰু কম্বল এখন দি সেৱা
কৰি ক’লে – “দুখীয়াৰ ঘৰত দয়া কৰি পদধূলা দিছে, ইয়াকে
গ্ৰহণ কৰক ?”
বাবাজীয়ে ক’লে,—“ৰূপয়োংসে ক্যা কৰূংগা ? কম্বলভী
মুঝে ক্যোং চাহিয়ে । তুম মুঝকো তুমলোগোংকী তৰহ সমঝ-
তে হো ক্যা ? তুম কুছ নহীং জানতে । মৈ য়োংহী তুম পৰ
খুশ হুঅা হুঁ । য়ে লে জাও । যদি দেনা চাহতে হো তো
জিসকা অভাৱ হৈ উসকো দেনা । ধৰম হোগা ”
নৰাই । যদি আপুনি সন্তুষ্ট হৈছে তেন্তে মই যাতে কোনো
বস্তুৰ অভাবত নপৰোঁ তাৰ কিবা এটা উপায় দি যাওক ।
পৃষ্ঠা:অদৃষ্ট.pdf/৪৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে