পৃষ্ঠা:অদৃষ্ট.pdf/৮৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
অদৃষ্ট

আজি কলিয়াবৰলৈ যোৱাৰ কথা। তেওঁ ঘুৰি আহিলেই দয়াৰামৰ কিবা এটা বাতৰি পাম। তাৰ আগতে মই একো ভাবিব নোৱাৰোঁ।
   হালি৷—তেওঁনো কেতিয়া ঘুৰিব?
   সুভদ্ৰা।-আজি গ’লে কালিলৈকে ঘুৰিব পাৰিব। তেতিযা হ’লে পৰহিলৈ এইখিনি পাবহি।
   হালি।—তেতিয়া হ’লে বৰ পলম হ’ব। ইয়াৰ ভিতৰতে আনৰ লগত ঠিক-ঠাক হৈ গ’লে সকলো মিছা হ’ব।
   সুভদ্ৰা৷—মিছা হওক, সঁচা হওক, দয়াৰামৰ এটা বাতৰি নোপোৱাকৈ মই একো ক’ব নোৱাৰোঁ।
   হালি হতাশ হৈ উঠি গ’ল।

_____