আছিল। সেই কাৰণে ৰাতি হলেও বাট হেৰোৱাৰ ভয়
নাহিল।
বলো হৰৰ ঘৰ পাওঁতে এঘাৰ বাজি গৈছিল। তেতিয়া
বহুতো মানুহ শুইছিলেই। হৰৰ ঘৰত কিন্তু তেতিয়া খোৱাই
হোৱা নাছিল। তাৰ কাৰণ হৰও বলোৰ আগে অাগেহে ঘৰ
সোমাইছিল৷ বলো যে কপাহীৰ মোমায়েক তাক হৰই
জানে। সেই কাৰণে তেওঁ অহাৰ লগত বিয়াৰ কিবা সম্পৰ্ক
অাছে বুলি হৰই অনুমান কৰিছিল। তেওঁ বলোক বহিবলৈ
দি নিজেও ওচৰ চাপি বহিল অাৰু হঠাৎ তেওঁ যোৱাৰ উদ্দেশ্য
কি জানিব খুজিলে। বলোৱে তেতিয়া দয়াৰামৰ বিষয়ে
আদ্যোপান্ত বৰ্ণনা কৰি ক’লে,-“মই আগতে এইবোৰ কথাৰ
গমেই পোৱা নাছিলোঁ। বিয়াৰ সময় ওচৰ চপাতো মোক
একো নজনোৱা দেখি ময়ো গপ কৰিয়েই মনে মনে অাছিলোঁ।
কালি বহুত ভাবি-চিন্তি খবৰ ল’বলৈ আহি খবৰ পালো এই
সোপা। তাক মই লগেই নাপালোঁ, সেই দেখি বোলো ঘটনা-
টোৰ উৱাদিহ লৈ আহোঁ, সেই হে আহিলোঁ। ঘটনাটো
কোনে কৰিলে পুলিচে গম পাইছে জানো? ইয়াত কিবা তদন্ত
কৰিছিল নে?
হৰ। ঘটনাটো সঁচা বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ৷
এই খিনিতে মানুহ এটা মৰা হ’লে আমি গম নোপোৱাকৈ
থাকিলাঁহেতেন নে? তেতিয়াই গোটেইখন ৰৌজাল বৌজাল
হ’লহেঁতেন। ইয়াত হে নালাগে নগাওঁ নাইবা তেজপুৰত
পৃষ্ঠা:অদৃষ্ট.pdf/৮৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অদৃষ্ট