কৰে; বাৰীখনতো শাক-পাচলি, কেৰেলা-বেঙেনাৰ খেতি
কৰে। এনেকৈয়ে ই ডাঙৰ হ’ল, মাক-বাপেকো বুঢ়া হ’ল।
বাপেকে কৰা কামখিনি ইয়েই চলাব পৰা হ’ল।
“দুবছৰমান আগতে তাৰ মাক-বাপেক ঢুকাল। তেতিয়াৰে
পৰা সি অকলে অকলে থাকি ভাল নোপোৱা হ’ল। সি ভাবিলে
সি যদি বাগিচালৈ যায়, তাত তাৰ সমাজ পাব আৰু বিয়াখনো
পাতিব পাৰিব। শেহত সি তাৰ মনৰ কথা মৌজাদাৰক
ভাঙি ক’লে। মৌজাদাৰে কিন্তু তাক নেৰিলে। তেওঁ বুধুক
গোসাইৰ ওচৰত শৰণ লোৱাই কোচ জাতলৈ তুলিলে। তাৰ
পাচত সৌ গাওঁখনৰ কুচুনী ছোৱালী এজনী বিয়া কৰাই দিলে।
ছোৱালীজনীৰ মাকৰ বাহিৰে অান কোনো নাছিল। মাকে
ভিক্ষা কৰি খাইছিল। সেই দেখিযেই তাইক বিয়া কৰাবলৈ
কোনো আগ নাবাঢ়িছিল।
‘সিহঁতৰ বিয়া হোৱা এবছৰমানেই হ’ল, তথাপি সিহঁতৰ
ভিতৰত খিটিং-খাটাং লাগি থাকিবলৈ নেৰিলে। তেনেকৈ
কিবা অলপ লাগিলেই ঘৈণীয়েকে চল চাই টোপোলা-তাপলি
বান্ধি মাকৰ ঘৰলৈ লৰ দিয়ে। কোতযাবা বুধুৱে বাটৰ পৰা
ধৰি আনে, কেতিয়াবা মাকৰ ঘৰত দুদিন তিন দিন থকাৰ
পাচত লৈ অাহেগৈ। যোৱা বিহুৰ সময়লৈকে এনে দৰেই
চলি আছিল। বিহুলৈ কেইদিনমান থাকোঁতে তাই আগৰ
দৰেই সন্ধ্যা সময়ত পলাই গৈছিল। বুধুৱে খেদি গৈ তাইক
সৌখিনিতে ধৰিলে। তাই কোনোমতে নহাত ই ধৰি চোচাঁ
পৃষ্ঠা:অদৃষ্ট.pdf/৯৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে