পৃষ্ঠা:অদৃষ্ট.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তুলনাত বেচি হৈছে। আমি বিয়া কৰাইছিলোঁ। বাইশ-তেইশ বছৰ বয়সতে। ইয়াৰো কেতিয়াবাই বিয়া হ’লহেতেন, কত মানুহে ছোৱালী যাচি দিছিল তাৰ লেখেই নাই। পাচে এটা কথাৰ পৰা বিয়া পতা নাছিলোঁ। এজন জ্যোতিষীয়ে তাৰ হাত চাই কৈছিল বোলে তাৰ পাঁচিশ বছৰ বয়সত এটা ডাঙৰ ৰিষ্ট আছে, বঁচাৰ অাশা বৰ কম। যদি কেনেবাকৈ ৰক্ষা পায় তেন্তে আশী বছৰলৈকে কোনো ভয় নাই। সেই দেখিয়েই পঁচিশ বছৰৰ ভিতৰত বিয়া নাপাতোঁ বুলি ঠিক কৰিলোঁ। জ্যোতিষীজন কম নহয়, তেওঁৰ কথা আখৰে আখৰে ফলিয়ালে। যোৱা মাঘত তাৰ পঁচিশ বছৰ পুৰ হৈছে। তাৰ এমাহমান আগতে সি নৰিয়া পৰে অাৰু যোৱা-থোৱা অৱস্থা হয়। এদিন একেবাৰেই মাত-বোল নোহোৱা হ’ল, অামি লৰালৰিকৈ বাজলৈ আনিলোঁ। এনেতে এজন সন্ন্যাসী ক’ৰ পৰা আহি ওলাল ক’ব নোৱাৰোঁ, তেওঁ কিবা গুৰি অলপ দি পানীত গুলি খুৱাবলৈ কৈয়েই গুচি গ’ল। তেওঁ কেনি গ’ল, ক’লৈ গ’ল কোনেও ক’ব নোৱাৰিলে। সি যি কি নহওক, আমি দৰব পালি খুৱাই দিলোঁ। অলপ সময়ৰ ভিতৰতে সি উঠি বহিল অাক লাহে লাহে ভাল হ’ল। কিন্তু সেই নৰিয়াতে সি ইমান দুৰ্ব্বল হৈছিল যে আজিলৈকে আগৰ শ্ৰী ঘুৰি অহা নাই। সেইহে দেখাত আচল বয়সতকৈ বেচি বয়সীয়া যেন লাগে? অাৰু এমাহমানতে আগৰ দৰে হ’ব বুলি আশা কৰিছোঁ। জ্যোতিষীৰ কথা এটা ফলিয়াইছে যেতিয়া