এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আকৌ লেঠাত পৰে বুলি তেওঁ তাৰ নামকে
নুলিয়ালে।
তেওঁলোক তেতিয়া সূৰ্য্যৰ ঘৰলৈ আহিল। হৰই দয়া-
ৰামৰ নিমিত্তে বজাৰৰ পৰা ধুতী এখন আৰু কামিজ এটা কিনি
আনিলে। দয়াৰামক গা ধুবলৈ আৰু নতুন কাপোৰ পিন্ধিবলৈ
দিয়া হ’ল। তাৰ পাচত চাহ এটোপা খাই তিনিও জনে সূৰ্য্যৰ
ওচৰত বিদায় ললে আৰু কোবাকুবিকৈ মটৰ ধৰিবলৈ গ’ল।
কিন্তু মটৰ নাপালে, আধাঘণ্টামান আগতে মটৰ এৰিলে।
অান উপায় নথকাত তেওঁলোকে খোজ কাঢ়ি যোৱাকেই
ঠিক কৰিলে। আৰু এৰাতি লোকক আমনি কৰিবলৈ তেওঁ-
লোকৰ ইচ্ছা নাছিল।
প্ৰায চাৰে সাত বঞ্জাত তেওঁলোক ভৰলী পাৰ হ’ল।