বলো।—কৰি বিয়া!
দোকানী৷-কপাহীৰ,-আপোনাৰ ভাগিনীয়েকৰ। আপুনি
জানো ক’ব নোৱাৰে ?
বলো৷ — মই এই মাত্ৰ তোমাৰ পৰা হে শুনিলোঁ। মই
কলিয়াবৰলৈ যোৱাৰ পৰা আজিৰে পাঁচ দিন হ’ল! তাৰ
আগ দিনা ইয়ালৈ আহিছিলোঁ তেতিয়া বিয়াৰ কোনো
কথাই ওলোৱা নাছিল।
দোকানী।—তেন্তে আপুনি যোৱাৰ পাচত হে ঠিক হ’ল।
বলো।—দৰা ক’ৰ।
দোকানী৷—মদন মণ্ডলৰ ভায়েক পীতাম্বৰ।
বলো।-অ’ সেই আৱঁৰীয়াটো। ঠিক কৰিলে কোনে?
দোকানী।—দদায়েকে ঠিক কৰিলে বুলি শুনিলোঁ। দৰা-
টোৰ কলিয়াবৰত বিয়াৰ কথা আছিল। পিচে মণ্ডলে
ছোৱালীজনীৰ হেনো অান কাৰবাৰ লগত কথা থকাৰ
প্ৰমাণ পালে; সেই দেখি সেই জনী এৰি সেই সমলেৰেই
ইয়াতে পাতিলে। বন্যাঘৰৰ যোগাৰো দৰা-ঘৰেই
দিছে।
বলো থৰ লাগিল, হৰও বিমৰ্ষ হ’ল; দয়াৰামৰ চকু-লো
ব’বলৈ ধৰিলে।
দোকানীয়ে বলোক সুধিলে —“এতিয়া তালৈকেহে যাব?”
বলো।—যাম বুলিয়েই আহিছিলোঁ, কিন্তু এতিয়া যাব
নোৱাৰোঁ৷ মই গম নোপোৱাকৈ যেতিয়া সিহঁতে বিয়া
পৃষ্ঠা:অদৃষ্ট.pdf/১০৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
অদৃষ্ট