এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সেই দিনা ৰাতি এক বজাত বলো অাৰু হৰ তেজপুৰ
পালেহি। ইমান ৰাতি কলৈকো যাবলৈ সুবিধা নথকাত ৰাতি
তেওঁলোক জাহাজতে থাকিল। পুৱা উঠি তেওঁলোকে নৈৰ
দাঁতিতে প্ৰাতঃকৃত্য সমাপন কৰিলে আৰু গামোচা সলাই গা-
পা ধুই ল’লে। তাৰ পাচত ক’ত ক’ত দয়াৰামক বিচাৰিব
তাৰে আলোচনা কৰি পাৰলৈ উঠি আহিল।
তেতিয়া গুৱাহাটীলৈ যাবলৈ দুই এজনকৈ যাত্ৰী জাহাজলৈ
আহিছিল। দুজন ভদ্ৰলোক ফুৰি ফুৰি আহি ঘাটৰ ওচৰতে
নৈৰ দাঁতিত থকা আসনখনত বহিছিল। এনেতে এজন
বাবাজী অাহি জাহাজ এতিয়া শিঙৰীলৈ যাব নে নাযায়
সুধিলে। তেওঁলোকে যাব বুলি ক’লে।
বাবাজী জাহাজলৈ গ’ল। ভদ্ৰলোক দুজনৰ এজনে
ক’লে। —“এই বাবাজীহঁতক দেখিলেই মোৰ খং উঠে। ইহঁত
হয় চোৰ, নহয় লম্পট, নহয় ঢাঁদ।”
আন জনে ক’লে,—“দুই এজন হব পাৰে, সেই বুলি
অাটাইবোৰ তেনে নহয়।”