এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হ’ল । শেহত মানুহ ওচৰ চপা দেখি লৰ মাৰি ওচৰৰে হাবি
এডোখৰত সোমাল ।
হাবিৰ মাজত সোমোৱাৰ পাচত এইকেইটা কথা তেওঁৰ
কাণত পৰিল,—“মানুহটো বিচাৰ, পুলিচত খবৰ দে।”
দয়াৰাম আৰু নৰল । হাবিৰ মাজে মাজে কিছুদুৰ আগ
বাঢ়ি মানুহ-দুনুহ চাই-চিতি আলিলৈ উঠিল আৰু বেগাই
শিলঘাটৰ ফাললৈ যাবলৈ ধৰিলে। মানুহৰ গম পালে আলিৰ
পৰা নামি জোপাৰ আঁৰত নাইবা খাৱৈত লুকাই থাকে আৰু
নিৰাপদ যেন দেখিলেই আকৌ বেগ দিযে। এনেকৈয়ে আহি
তেওঁ চাৰে নমান বজাত শিলঘাটৰ জাহাজঘাট পালে ।
জাহাজত তেওঁ তেজপুৰলৈ যাব, কিন্তু জাহাজ এতিয়াও আহি
গোৱা নাই। পোহৰত থাকিবলৈ তেওঁৰ ভয় লাগিল আৰু
আতৰি আহি এজোপা গছৰ আঁৰত বহি থাকিল ।
জাহাজ আহিল প্ৰায় এঘাৰ বজাত । তেওঁ গমগতি লৈ অতি সাৱধানে লুকোৱা ঠাইৰ পৰা ওলাল আৰু টিকট কিনি জাহাজত উঠিল ।