পৃষ্ঠা:অদৃষ্ট.pdf/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


   হৰ আৰু দধি বাগিচালৈ যোৱাৰ কাৰণ মণিক ভাঙি-পাতি কোৱা হ'ল। মণিৰ আনন্দৰ পাৰ নোহোৱা হ'ল। কিন্তু বাহিৰত নিৰ্ব্বিকাৰ দেখুৱাই অলপ কেঁহো-ঘেঁহোকৈ থাকি ক'লে যে পিতাকৰ মত থাকিলে তেঁওৰ কোনো আপত্তি নাই।
   সেই ৰাতি দুয়ো বাগিচাতে থাকিল। তাতেই বিয়াৰ সকলো দিহা-পোহাও হ'ল। তেঁওলোকে বৰ কেৰাণীৰ লগতো দেখা কৰিলে আৰু চাহাবক কৈ যাতে মণিক দহ দিনৰ ছুটী দিয়ায় তাৰো ব্যৱস্থা কৰিলে।
   পিছদিনা হৰ আৰু দধি ঘুৰি আহিল। বিয়াৰ নতুন বন্দৱস্তৰ কথা সকলোৱে শুনিলে। কন্যাঘৰত আগৰে পৰা আযোজন চলি আছিলেই। এতিয়া দৰাঘৰতো যিমানখিনি সম্ভৱ আয়োজন কৰা হ'ল। কন্যাঘৰীয়ায়ো নানা প্ৰকাৰে সাহায্য কৰিলে।

-————-