সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলে বৰ বেয়া হ’ব। ক’তা! চেনিৰামলৈ কালিয়েই খবৰ পঠিয়ালোঁ, তেও যি এতিয়ালৈ নাহিল! উস! গোলামৰ সঁচ! এতিয়ালৈকে ভাল টোপনিয়েই ভগা নাই।”

 তাৰ পাচত এবাৰ বহি, এবাৰ বাটলৈ ওলাই তেওঁ বহুত সময় কটালে, কিন্তু চেনিৰাম নাহিল। তেওঁ লাহে লাহে গৈ দীনাইৰ পদুলি পাই মাতিলে,—“দীনাই! অ’ দীনাই। ঘৰত আছা নে?
 “হয় আছোঁ” বুলি দীনাই ওলাই আহিল।
 নৰাই। কালি চেনিৰামক পাইছিলা নে?
 দীনাই। হয়, পাইছিলোঁ।
 নৰাই। মই পুৱাতে মাতিছো বুলি কৈছিলা নহয়?
 দীনাই। কৈছিলোঁ।
 নৰাই। সি কি ক’লে?
 দীনাই। সি ক’লে বোলে তাৰ আন ঠাইত কাম আছে, আহিব নোৱাৰে।
 নৰাই। মোৰ কামতকৈও তাৰ আন কাম হে ডাঙৰ হ’ল? উস! এনে খাই পাত ফলা মানুহ আৰু দেখা নাই! তুমি বৰ ডাঙৰ দৰকাৰ বুলি কোৱা নাছিলা জানো?
 দীনাই। কৈছিলোঁ। সি ক’লে বোলে তাৰ তাতোকৈ ডাঙৰ দৰকাৰী কাম আছে।

 নৰাই। বাৰু, মই তাক শিকাম। তাৰ টেটুত ধৰি যেতিয়া চোঁচোৰাই আনিম তেতিয়া সি গম পাব।