পৃষ্ঠা:অদৃষ্ট.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নোৱাৰিলে বৰ বেয়া হ’ব । ক’তা ! চেনিৰামলৈ কালিয়েই খবৰ পঠিয়ালোঁ, তেও যি এতিয়ালৈ নাহিল! উস! গোলামৰ সঁচ ! এতিয়ালৈকে ভাল টোপনিয়েই ভগা নাই ।”
   তাৰ পাচত এবাৰ বহি, এবার বাটলৈ ওলাই তেওঁ বহুত সময় কটালে, কিন্তু চেনিৰাম নাহিল । তেওঁ লাহে লাহে গৈ দীনাইৰ পদুলি পাই মাতিলে,—“দীনাই ! অ’ দীনাই । ঘৰত আছা নে ?
   ”হয় আছোঁ” বুলি দীনাই ওলাই আহিল ।
   নৰাই । কালি চেনিৰামক পাইছিলা নে ?
   দীনাই । হয়, পাইছিলোঁ ।
   নৰাই । মই পুৱাতে মাতিছো বুলি কৈছিলা নহয় ?
   দীনাই । কৈছিলোঁ ।
   নৰাই । সি কি ক’লে ?
   দীনাই। সি ক’লে বোলে তাৰ আন ঠাইত কাম আছে, আহিব নোৱাৰে ।
   নৰাই ৷ মোৰ কামতকৈও তাৰ অান কাম হে ডাঙৰ হ’ল ? উস ! এনে খাই পাত ফলা মানুহ আৰু দেখা নাই ! তুমি বৰ ডাঙৰ দৰকাৰ বুলি কোৱা নাছিলা জানো ?
   দীনাই । কৈছিলোঁ । সি ক’লে বোলে তাৰ তাতোকৈ ডাঙৰ দৰকাৰী কাম আছে ।
   নৰাই। যাক, মই তাক শিকাম । তাৰ টেটুত ধৰি যেতিয়া চোঁচোৰাই আনিম তেতিয়া সি গম পাব ।