সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদৃষ্ট

 এই বিয়াৰ কথা লৈয়েই বিহুৰ সাত দিনমান আগতে দয়াৰাম ভিনীহিয়েক হৰনাথক লগ ধৰিবলৈ জখলাবন্ধালৈ গৈছিল। তাত এৰাতি থাকি কোমল চাউল, গুৰ, তামোল পান গোটোৱাৰ ভাৰ ভিনীহিয়েক দি তেওঁ সেই দিনা ঘৰলৈ উলটিছিল। দুৰ্ভাগ্যবশতঃ বাটতে নভবা-নিচিন্তা দুৰ্ঘটনাত জড়িত হ’ব লগাত পৰিল।