আৰু লৰাহঁতক পণ্ডিতৰ কথা সুধিলে । লৰাহঁতৰ পৰা তেওঁ
বুজিলে যে পণ্ডিত ঠিক সময়ত নাহে ; কেতিয়াবা সোনকালে
আহে, কেতিয়াবা পলম কৰে ।
ছেয়াৰমেন সোমোৱাৰ পাঁচ মিনিটমানৰ পাচতে পণ্ডিত
গৈ ওলাল অাৰু ছেয়াৰমেনক নমস্কাৰ জনালে । ছেয়াৰমেনে
কলে —“এঘাৰ বজাত স্কুললৈ অহাৰ নিয়ম, তুমি ইমান পলম
কৰিলা কিয় ?”
ভগী। অামি গারলীয়া মানুহে ইমানকৈ ঘৰি ঘণ্টা চাই
কেনেকৈ চলিম । ঘাইকৈ এই খেতিৰ দিনত কেতিয়াবা
কেতিয়াবা সময়ৰ অলপ হেৰ-ফেৰ হ’বই । অলপ পলম হ’লেও
পথাৰৰ কাম আধৰুৱাকৈ এৰি অহা টান।
ছেয়াৰ। পথাৰৰ কাম কৰিবলৈ বোৰ্ডে তোমাক ৰখা
নাই, স্কুলৰ কাম কৰিবলৈহে ৰাখিছে ।
ভগী । স্কুলৰ কাম জানো নকৰাকৈ আচোঁ ! কেতিয়াবা
যদি অহাত অলপ পলম হৈছে, যোৱাতো হৈছে। স্কুলৰ
দৰমহাৰে জানো খাবলৈ অাটে ! জীয়াই থাকিবৰ নিমিত্তেই
স্কুলৰ চাকৰিৰ বাহিৰেও আন কিবা এটা কৰিবই লাগিব ।
নকৰিলে চলিব কেনেকৈ ?
ছেয়াৰ । নচলে, চাকৰি এৰি দিয়াঁ । বগা ভাত দেখিলে
কাউৰীৰ আাকাল নালাগে ।
ভগী । কাউৰীৰ আকাল নালাগে জানো, কিন্তু বগা ভাতে
পেট নভৰিলে যি কোনো কাউৰীয়েই আম কঠাল নাইবা আন