মালিক আপুনি। আপুনি মোৰ টকা কেইটা দিয়ক৷ গোটেইখিনি দিব নোৱাৰিলে ৰূপ কুৰিকে দিয়ক।
নৰাই। তই দেখোন দেখিছই ঘৰৰ তেটি গোটেইটো খানিও মই এটা পইচাও নাপালোঁ, লোকৰ টকা ধাৰ কৰিহে চুৱাটোকে গুচাইছোঁ। তোৰ টকা জমা থাকিব পাৰে, কিন্তু তাক যেতিয়া নাপালোঁৱেই তোক ক’ৰ পৰা দিম।
চেনি৷ ধাৰেই দিয়ক।
নৰাই। থাকিলেহে দিম। দুকুৰি নালাগে দুটা টকাও মোৰ হাতত নাই।
চেনি৷ আপুনি চাওক, টকা নাপালে মই ইয়াৰ পৰা যাব নোৱাৰোঁ আৰু ইয়াত থাকিলে আপুনিযেই আহুকাল পাব।
বহুত বেলি কথা বতৰা পতাৰ পাচত নৰায়ে ক’লে,— “বাৰু, মই চেষ্টা কৰি চাওঁ, কাৰবাৰ পৰা ধাৰ কৰিব পাৰোঁ নে কি। পাৰোঁ যদি পাবি, নহলে আৰু আন উপায় নাই।”
দুদিনৰ পাচত নৰায়ে থত এখন লৈ পাঁচশ টকা ৰূপ চেনিৰামক ধাৰে দিলে। সুত লিখালে টকাই-পতি মাহে দুপইচাকৈ। ধন দি তেওঁ চেনিৰামক ক’লে,—“তই জানই মোৰ সমূলি টকা নাই , তথাপি ধাৰ কৰি আনি দিছো। সুত মোৰ পৰা লবই, সেইহে খততো লিখাইছোঁ। পিচে এটা কথা,—এতিয়াৰ পৰা আগৰ দৰে তই গোটেই বছৰ মোৰ ঘৰত খাটিব নালাগে, বাৰিষাৰ চাৰি মাহ কাম কৰি মাটিকেইডৰা