পৃষ্ঠা:অদৃষ্ট.pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বাবাজীযে কিছু সময় নীৰৱে চিন্তা কৰি ক’লে, -”তুম দেখতে হী হো কি ধন-সোনেকে সাথ মেৰা কোই সম্বন্ধ নহীং হৈ । উনকী বাতঁ সোচনেসে ভী মনমে অশান্তি খৈদা হোতী হৈ ৷ ফিৰ ভী তুম মেৰী জিতনী ভক্তি কৰতে হো কি তুমহাৰে লিয়ে ন কৰনে যোগ্য কাম ভী কৰনা পড়া । তুমহাৰে পাস ৰূপয়ে পৈসে ঔৰ জেৱৰ ক্যা ক্যা হৈ লে অ্যাও ।”
   তেতিয়াই নৰায়ে দদায়েকৰ ঘৰত পোৱা আঢ়ৈ হেজাৰ টকা, ঘৈণীয়েকৰ আৰু খুৰীযেকৰ অলঙ্কাৰ গোটেইখিনি আনি বাবাজীক দেখুৱালে ৷ বাবাজীয়ে ক’লে ,—“তুমহাৰে ঘৰমে জো চবসে বড়া বাকস হৈ, ৱহ লে অাও ।
   নৰায়ে তেওঁৰ ঘৰত থকা আটাইতকৈ ডাঙৰ ট্ৰাঙ্কটো আনিলে। বাবাজীয়েয়ে ক’লে,-“বাকসকে অন্দৰ এক অচ্ছা কপড়া বিছা দৌ ঔৰ উসপৰ য়ে ৰূপয়ে ঔৰ জৈৱৰ ৰখো ৷
   নৰাযে বাবাজাৰ কথামতেই কাম কৰি গল । বাবাজীয়ে তেতিয়া বাকচৰ তলা-চাবি লৈ নৰাইক কলে,-" মৈ অভী মন্ত্ৰ কৰকে য়হ বাকস বন্ধ কৰূগা । তুম য়হ লে জাকৰ পূজাকী স্থাপনাকে পাস ৰখ দেনা । সবদা ৰাত কো উসকে পাস এক চিৰাগ জলাকৰ ৰখনা । ইস তৰহ বীস দিনকে বাদ অৰ্থাৎ আজসে ইককীসৱে দিনমে জা কৰ বাকস খোলনা ! তব বাকসমে জিতনে ৰহ সকতে হৈ, উতনে ৰূপয়ে ঔৰ জেৱৰ নিকলেংগে । কিন্তু খবৰদাৰ, উসকো বোলনেসে পহলে কভী ভী