কৈছিল। সেই দেখিয়েই ময়ো যেতিয়াই মাতিছে তেতিয়াই
কাম কৰি দি আছো।
নৰাই।—কাম কৰি দিছ। সেই দিনা মই মাতোঁতে
গৈছিলি? তই যদি গলিহেতেন মোৰ ধন-সোণখিনি যাবলৈ
নাপায়। তোৰ পৰাই মোৰ সৰ্ব্বনাশ হ’ল, মই এটা পায়ো
নেৰোঁ।
চেনি।—এৰকেই বা ধৰণেই, মই হ’লে সুতৰ এটা পইচাও
নিদিওঁ।
নৰাই।—বাৰু দি নে নিদিয় দেখিম। মই কালিলৈ
দিনটো বাট চাম। কালিলৈ টকা নাপালে পৰহিলৈ খত
দাখিল দি মোকৰ্দমা কৰিম। তেতিয়া ভেটি এৰিব লাগিব,
মনত ৰাখিবি।
এনেকৈ কৈ মুখেৰে ভোৰভোৰাই গালি-শপনি পাৰি নৰাই
সেই লাটৰ মণ্ডলৰ ঘৰলৈ গ’ল। মণ্ডলক চেনিৰামৰ মাটিৰ
পৰিমাণ আৰু পট্টাৰ নম্বৰটো বিচাৰি দিবলৈ ক’লে।
দাগ-চিঠা, জমাবন্দী অাদি চাই মণ্ডলে ক’লে —“ক’তা।
চেনিৰামৰ নামত কোনো মাটি নাই।”
নৰাই।—কিয় নহ’ব! সি মোৰ পৰা টকা আনি মাটি
কিনাৰ কথা মই নিজে জানো। মাটি নিকিনাকৈ সি ঘৰ
সাজিলে নে ?
মণ্ডল —মই কেনেকৈ ক’ম! মাটি কিনিছে যদি এতিয়াও
নামজাৰি হোৱা নাই।
পৃষ্ঠা:অদৃষ্ট.pdf/১১৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে