পৃষ্ঠা:অদৃষ্ট.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ত্ৰয়োদশ অধ্যায়।


অভিযান।


   সুভদ্ৰাৰ ককায়েক বলোৰ ঘৰ সুভদ্ৰাৰ ঘৰৰ পৰা ছমাইল আঁতৰত। দুয়ো ঘৰৰ ভিতৰত বিশেষ ঘনিষ্ঠতা অাছিল। বিহুৱে-সংক্ৰান্তিয়ে অহা-যোৱাৰ উপৰিও এনেয়ে ভু-ভা লৈ থকা দুয়ো ঘৰৰ কৰ্ত্তব্যৰ ভিতৰত পৰিছিল। আগ ডোখৰত জালিৰ লৰা-ছোৱালীকেইটা ইটোৰ পাচত সিটোকৈ মোমায়েকৰ ঘৰলৈ গৈয়েই আছিল, কেতিয়াবা তিনি-চাৰি দিন একেৰাহে তাতে থকাও দেখা গৈছিল। কিন্তু সকলো শেষ হৈ যোৱাৰ পাচত সুভদ্ৰা আৰু কপাহীৰ যোৱাটো এক প্ৰকাৰ বন্ধই হ’ল। বলোৱে মাজে-সময়ে ভু-ভা লৈ আছিল। কিন্তু বিহুৰ সময়ৰে পৰা বলো সুভদ্ৰাৰ ঘৰলৈ অহা নাই। বছেৰেকৰ বিহুতো এই বাৰ সুভদ্ৰাহঁত নোযোৱাত বোধ কৰোঁ তেওঁ বেয়া পালে। অকল সেয়ে নহয়, কপাহীৰ বিয়া বহাগৰ একুৰি চাৰি দিন যোৱাত হ’ব বুলি তেওঁ জানিছিল, অথচ এতিয়াও তেওঁক সেই সংবাদটোকে দিয়া নাই। তেওঁ মনে মনে ভাবিলে -“ভাইৰ বাৰু মনত বেজাৰ, সেই দেখি অহা নাই। দয়াৰামৰ হতুৱায়ো খবৰটো দিয়াব নোৱাৰিলে নে মোক আনক মতা দি মাতিব নালাগে, কিন্তু খবৰটো তো দিয়াব লাগিছিল। একো জনোৱা নাই যেতিয়া, ময়ো