পৃষ্ঠা:অদৃষ্ট.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৰ্ব্বস্বান্ত
---------------------------------------------------------

কিবা খোৱা বস্তু বিচাৰিব । কোনো পণ্ডিতেই অকল স্কুলখনকে লৈ থাকি বাৰটা টকাৰে চলিব নোৱাৰে।
   ছেয়াৰ । তুমি বৰ আওকথকী। মুখে মুখে চুপতি কৰিবলৈ আহিছা ।
   ভগী। চুপতি কৰা নাই, সঁচা কথা কৈছো । সঁচা ক’লে আপোনালোকে বেয়া পায়, মিছা কথা আকৌ মোৰ মুখত নোলায় ।
   ভগীৰামৰ কথাত ছেয়াৰমেন বৰ বিৰক্ত হ’ল আৰু পৰিদৰ্শন বহীত তেওঁৰ বিৰুদ্ধে মন্তব্য কৰি গ’ল ।
   এই ঘটনাৰ এমাহমানৰ মূৰত ভগীৰামক তেওঁৰ ঘৰৰ পৰা কুৰি মাইল দূৰৈত থকা এখন স্কুললৈ বদলি কৰা হ’ল । ভগীৰাম কিন্তু যাবলৈ মান্তি নহ’ল । নানা অসুবিধা দেখুৱাই তেওঁ সেই আদেশ ৰদ কৰিবৰ নিমিত্তে ডেপুটি ইন্সপেক্টৰ আৰু ছেয়াৰমেনলৈ আবেদন কৰিলে, কিন্তু ফল নহ’ল। তেতিয়া অান উপায় নাপাই তেওঁ চাকৰিকে ইস্তফা দিলে।
   চাকৰি এৰাৰ পাচত বাপেক পুতেক দুয়ো খেতিতে মন পুতি লাগিল। তাৰ পৰা ভগীৰামৰ অৱস্থা আগতকৈ বহুতো ভাল হ’ল । চাকৰি কৰোঁতে কোনোমতে পেটে-ভাতেহে খাইছিল । এতিয়া খাই-বৈ, ৰাজহি-ততঁহি মাৰিও বছৰে এশ ডেৰশ টকা ৰাহি কৰিব পৰা হ’ল । তেওঁ মাজে মাজে চাকৰি যোৱাৰ কথা মনত পেলাই নিজে নিজে কয়,— “নামাৰিলা প্ৰভু মোক কৰিলাহা দয়া।”