আৰু পীতাম্বৰহঁতৰো ওচৰৰ, সেই কাৰণে সূৰ্য্যৰ পৰাই ৰহস্যটো
বুজিৰ পাৰিব বুলি আশা কৰি তেওঁ আহিছে।
মণিৰাম যেতিয়া সূৰ্য্যৰ ঘৰ পায় তেতিয়া সকলো শোৱাৰ
পৰা উঠিছিল। মুখৰ খোটালীতে এজন ডেকা মানুহ বহি
আছিল আৰু এজন আদহীয়া মানুহে বাৰাণ্ডাতে বহি মুখ
ধুইছিল। সূৰ্য্য ভিতৰৰ পৰা ওলাই আহিছিল। হঠাৎ মণিক
দেখা পাই তেওঁ আচৰিত হ’ল আৰু ক’ৰ পৰা আহিল, কিয়
আহিল আদি প্ৰশ্ন কৰিলে। মণিয়ে প্ৰশ্নৰ উত্তৰ দিবলৈ নৌ
পাওঁতেই বহি থকা ডেকাজন বাগৰি পৰিল আৰু ছাগলীয়ে
বেবোৱাৰ দৰে শব্দ কৰিবলৈ ধৰিলে। তেওঁক যেন কোনোবাই
ঠেকেচি হে পেলাইছে! অলপ পাচতে তেওঁ সটং জুৰিলে;
মুখে দি ফেন ওলাবলৈ ধৰিলে। মুখ ধুই থকা মানুহজনে লৰ
মাৰি আহি ধৰিলে। সূৰ্য্যই বিচনী এখন আনি বিচিবলৈ
লাগিল।
মুখ ধুই থকা মানুহজন হৈছে মদন মণ্ডল আৰু মূৰ্চ্ছা যোৱা-
জনেই হৈছে পীতাম্বৰ। তেওঁলোক বিয়াৰ মাল কিনিবলৈ
আহিছিল আৰু আগ দিনাই উলটি যোৱাৰ কথা আছিল।
কিন্তু মাল কিনোতে পলম হোৱাত আগ দিনা যাব নোৱাৰিলে
অাজি যোৱাৰ কথা আছিল।
সূৰ্য্যই একো বুজিব নোৱাৰি মদনক সুধিলে। মদনে
কলে,—“ময়ো একো বুজা নাই। অকস্মাৎ কিয় এনে হ’ল
ভাবিয়েই পোৱা নাই।”
পৃষ্ঠা:অদৃষ্ট.pdf/৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
