চেনিৰামৰ নিজৰ মনতো এনে ভাব খেলাইছিল; তথাপি
দুবছৰলৈকে সি একেদৰেই নৰাইৰ ঘৰত কাম কৰি থাকিল ।
খতৰ টকা এতিয়াও পৰিশোধ কৰা নাই, নৰায়েও খোজা
নাই । নৰায়ে ভাবিছে টকাকেইটা আদায় হ’লে চেনিৰামৰ
ওপৰত তেওঁ কৰ্তৃত্ব চলাব নোৱাৰিব । তদুপৰি হালোৱাৰ
দৰমহা বছৰে বছৰে বাঢ়ি এতিয়া মাহে দহ বাৰ টকা হৈছে,
চেনিৰামক এৰিলে তেওঁৰ বহুতো বেচি ভৰণি হ’ব । সি যি
কি নহওক, তৃতীয় বছৰত চেনিৰাম আগতকৈ অলপ বেলেগ
হ’ল, অন্ততঃ হাতৰ কাম এৰি বামুণৰ ঘৰলৈ লাখ মৰাটো বাদ
দিলে। সেই দেখিয়েই সেই দিনা নৰায়ে মতাতো সি হাতৰ
কাম এৰি নাহিল।
নৰাইৰ বৰ খং উঠিল। ঘৰলৈ অাহি কান্ধত এখন চেলেং
আৰু হাতত এডাল লাখুটি লৈ চেনিৰামৰ ঘৰলৈ ওলাল।
চেনিৰামৰ পদূলিত থিয় হৈ নৰায়ে মাতিলে,-“চেনিৰাম!
অ’ চেনিৰাম!” মাত শুনি ৰূপহী ওলাই আহি ক’লে,-"তেওঁ
ঘৰত নাই।”
নৰাই । কলৈ গ’ল ?
ৰূপহী । সৰ্ব্বেশ্বৰ পণ্ডিতৰ ঘৰত কাম আছে, তালৈকে
গৈছে ।
নৰায়ে বহুতো গালি-শপনি পাৰি তাৰ পৰা পণ্ডিতৰ
ঘৰলৈ খোজ ল’লে। চেনিৰামে তেতিয়া পণ্ডিতৰ গোহালি
ঘৰৰ বাৰ দি আছিল। পদুলিতে থিয় হৈ নৰায়ে চেনিৰামক
পৃষ্ঠা:অদৃষ্ট.pdf/৩৮
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
