এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঠিকমতে উত্তৰ দিলেই লেঠা মৰিল। তুমি আঁহতগুৰি গাৱঁৰ
দয়াৰামক চিনি পোৱা?
সুভদ্ৰা।—পাওঁ।
দাৰোগা।—তোমাৰ ছোৱালীলৈ বোলে তাক চপাই ল’ব
খুজিছিলা, হয় নে?
সুভদ্ৰা।—হয়। ব’হাগৰ একুৰি চাৰি দিন যোৱাত বিয়াৰ
কথা আছিল।
দাৰোগা।—বিয়াৰ পিচে কি হ’ল?
সুভদ্ৰা।—একো হোৱা নাই। দৰাটোৱেই নাই।
দাৰোগা৷ —কেতিয়াৰ পৰা নাই?
সুভদ্ৰা। —যোৱা বিহুৰ কেইদিনমান আগৰে পৰা তাক
দেখাই পোৱা নাই।
দাৰোগা৷ —সি এনেকৈ পলাল কিয়?
সুভদ্ৰা।-মই কেনেকৈ ক’ম। ঘৰখনত সি অকলশৰীয়া,মাক নাই, বাপেক নাই, মাটি-বাৰী নাই, সেই দেখি কিজানি
কিবা বেজাৰত আপোন-ঘাতীয়েই হ’ল।
দাৰোগা।-তাৰ স্বভাৱ কেনে আছিল?
সুভদ্ৰা।—আমি জনাত বৰ ভাল আছিল। সেইহে
বাপেকে ধনী মানুহৰ লৰাকো নিদি তাক ছোৱালী দিব
খুজিছিল।
দাৰোগা।—সি বাৰু খাইছিল কেনেকৈ?
সুভদ্ৰা৷—বাপেকৰ দিনত সিহঁত প্ৰতাপী মানুহ আছিল।