পাতিছে, মই তালৈ নোযোৱাই হে ভাল। ঘৰলৈকে যাবগৈ
লাগিল।
ঠিক এনে সময়তে দুটা লৰা বেগেৰে চাইকেল চলাই
আহি দোকানৰ ওচৰত ৰ’ল আৰু হালিৰ ঘৰখন কোনখিনিত
সুধিলে। দোকানীয়ে তাৰ সমিধান দি প্ৰশ্ন কৰিলে,-
“তোমালোক ক’ৰ পৰা আহিছা ?”
লৰা।-দৰা-ঘৰৰ পৰা।
দোকানী।— দৰা দেখোন অহা নাই ? শুনিছিলোঁ লগ্ন
বোলে দহ বাজাতে। দহ দেখোন প্ৰাথনিয়েই বাজি গ’ল।
লৰা।--দৰা অহা পলম হ’ব। কোনোবাই কুমন্ত্ৰ কৰি
দৰাটো মাৰি থৈছে। এতিয়াও ভাল হোৱা নাই। তাকে
কন্যা ঘৰত জনাবলৈ হে আমাক পঠিয়াইছে। লগ্ন বোলে
তিনি বজাতো এটা আছে, সেইটোত হে বিয়া হ’ব।
ল’ৰা দুটা লৰালৰিকৈ বিযাঘৰলৈ গ’ল আৰু দৰাৰ খবৰটো দি তেতিয়াই উলটিল।
বলোৱে দোকানীক ক’লে —“ঘৰলৈ যাওঁ বুলিছিলোঁ
যদিও, এতিযা নাযাওঁ। তোমাৰ ইয়াতে থাকি কিনো হয
তাৰ আলেখ-লেখটোকে চাওঁ।”
তেতিয়া তিনিও জন দোকানতে বহিল। দোকানীয়ে
ক’লে,—“নাযায় যদি চাউলকে এমুঠি সিজাওক। ৰাতিটো
লঘোনে থাকিব নে?”
কিন্তু তেওঁলোকৰ এজনেও ভাত খাব নুখুজিলে। তেতিয়া
পৃষ্ঠা:অদৃষ্ট.pdf/১০৯
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
