নোযোৱাই ভাল। কি জানি মই গ’লে কিবা বেয়া হ’ব
বুলিয়েই ভাবিছে।”
বলোৱে এনেকৈ ভাবি অভিমানতেই সুভদ্ৰাৰ ঘৰলৈ
নাহিল। অাহিবৰ তেওঁৰ একান্ত ইচ্ছা, কিন্তু কোনো বাতৰি
নোপোৱাকৈ বিয়া-ঘৰলৈ অহা তেওঁ উচিত বুলি নাভাবিলে।
লাহে লাহে ব’হাগৰ উনৈশ দিন হ’ল, আগৰ দিহামতে বিয়া
হবৰ হ’লে মাজত অাৰু চাৰি দিনহে অাছে। তেতিয়াও
কোনেও একো নজনোৱাত বলোৰ মনত সন্দেহ জন্মিল।
তেওঁ ভাবিলে,কি জানি কিবা অথন্তৰেই মিলিল, সেই হে
একো উম-ঘাম নাই। বহুতো ভাবি চিন্তি তেওঁ সেই দিনা
আবেলি সুভদ্ৰাৰ ঘৰলৈ আহিল। ঘৰ পায়েই বিয়াৰ
অায়োজনৰ কোনো অ্যাভাস নাপাই, বিয়া সে নহয় তাক নিজেই
ঠাৱৰাই ল’লে।
সুভদ্ৰা অাৰু কপাহীৰ চেহেৰা দেখি তেওঁৰ বেজাৰ
লাগিল। ইমান শুকাই-খীণাই গৈছে সিহঁত! বলোৱে
ক’লে,—“তহঁত বাৰু এনেয়ে যাব নোৱাৰ, বিহুতো এবাৰ
দেখা দিব নাপাৱ নে?”
সুভদ্ৰাই কান্দিবলৈ ধৰিলে। অলপ পাচত দোকাদুকি
মাতেৰে দয়াৰামৰ সকলো বৃত্তান্ত বৰ্ণাই ক’লে—“তেতিয়াৰে
পৰা অামাৰ পেটলৈ ভাত যোৱা নাই। আমি দেখোন
চৰাটটো হৈও কাৰো ধানটো খুটি থোৱা নাই, তেও নো বাৰু
ঈশ্বৰে ইমান শাস্তি দিব লাগে নে?”
পৃষ্ঠা:অদৃষ্ট.pdf/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে