পৃষ্ঠা:অদৃষ্ট.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   জঁট আচল নহয়, বজাৰৰ পৰা কিনি লগাই লোৱা। তাতে পুলিচে সন্দেহ কৰি বোলে হাজোতত থৈছে আৰু তাৰ তদন্ত কৰিছে।
   দ্বিতীয়৷ —তাৰ ঘৰ ক’ত?
   প্ৰথম৷ —ঘৰ ইয়াতে, ভৰলীৰ সিপাৰে কোনোবা গাঁৱত।
   দ্বিতীয়।—অাও! ইয়াৰ মানুহেও ইমানখিনি পালেগৈ নে।
   মানুহ দুজনৰ কথা-বতৰাৰ পৰা সেই বাবাজীয়েই যে দয়া ৰাম তাত হৰ বা বলো এজনৰো সন্দেহ নাথাকিল। এতিয়া কি কৰিলে তাক সৰুৱাব পাৰিব এয়েই হ’ল ভাবিব লগীয।। কথা।
   হৰ।—দয়াৰামৰ বাতৰি এক প্ৰকাৰ পোৱাই গ’ল। এতিযা পুলিচৰ হাতৰ পৰা নিয়া যায় কেনেকৈ?
   বলো।—তাকে তো ভাবি পোৱা নাই।
   হৰ।—থানালৈকে যোৱা যাওক। তাতে সুধি-পুছি যি হয় কৰিম।
   বলো৷— আমি গ’লে বৰ সুবিধা নহ’ব। পুলিচে বা অাকৌ কি বিচাৰে। এজন আদালতৰ নিয়ম-কাৰণ জনা মানুহক আগেয়ে কথাটো সুধি লওঁ। তেতিয়াহে পুলিচ ওচৰলৈ যোৱা ভাল হ’ব।
   হৰ।—এৰা সেয়ে ভাল। পিচে যোৱা যায় কাৰ তালৈ?
   বলো।—সূৰ্য্য বৰাৰ ঘৰলৈকে যাওঁ। তেওঁৰ লগত আগৰে চিনাকি অাছে। জিলালৈ আহিলে তেওঁৰ ঘৰতে থাকোঁ৷