পৃষ্ঠা:অদৃষ্ট.pdf/১১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বেমাৰ উক দিছে যেতিয়া সি অাৱঁৰীয়া আজি হে নালাগে কালিলৈকো আহিব নোৱাৰে। মই নাজানো নে?
   প্ৰকৃত ঘটনাটো সকলো ৰাইজে জনাত পলম নঘটিল। দদায়েক হৈ এনে এটা মানুহক ছোৱালীজনী দিবলৈ ওলোৱা দেখি হালিক সকলোৱে গৰিহণা দিলে। হালিক সমৰ্থন কৰোঁতা কোনো নথকাত হালিৰ উপায় নোহোৱা হ’ল। তেওঁ তেতিয়াই উচাট মাৰি বিয়া-ঘৰৰ পৰা আঁতৰি গ’ল। যাওঁতে কৈ গ’ল,—“কৰ বাৰু তহঁতে কি কৰ। পিচত দেখা যাব। মদন মণ্ডল হে তেওঁ, তহঁতৰ কি ধুন ছিটিকাই গম পাবি।”
   হালি গ’লত সুভদ্ৰাই দযাৰামক আদৰি নিলে। বলোৱেই হ’ল কন্যাদাতা। যথাৰীতি কাম আৰম্ভ কৰিলে, কন্যা অনা হ’ল, বিধিমতে সম্প্ৰদান হৈ গ’ল।
   মণ্ডলৰ ঘৰৰ পৰা খবৰ আহিল,- দৰা এতিয়াও ভাল হোৱা নাই। আজি আহিব নোৱাৰে, অইন এদিন ভাল দিন চাই হোম পোৰা হ’ব।”
   সকলোৱে আমোদ উপভোগ কৰিলে। বহুত দিনীয়া আশা পূৰ হোৱাত দয়াৰাম, কপাহী, সুভদ্ৰা—সকলোৰে আনন্দৰ পাৰ নোহোৱা হ’ল।
   বুঢ়া-মেথাই ক’লে —“যি যাৰ তিল-মাহ খাই আহিছে তাৰ হ’বই, তাক কোনে খণ্ডাব।”
   পুৰোহিতে ক’লে,—“বিধতাৰ লিখিতা, কি কৈ বাধিতা।”