পৃষ্ঠা:অদৃষ্ট.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তলাটো মেলিলে আৰু অতি সন্তৰ্পণে স্বাকচৰ ঢ়াকনীখন তুলিলে। হঠাৎ চিঞৰ মাৰি তেওঁ মাটিত বাগৰি পৰিল। তেতিয়াই ঘৈণীয়েক লৰি আহিল আৰু একো বুজিব নোৱাৰি পানী একলহ আনী মূৰত ঢালিলে।
   কিছু সময় অচেতন হৈ থকাৰ পাচত নৰাইৰ চেতনা আহিল। ঘৈণীয়েকে তেওঁৰ কি হৈছিল সুধিলত তেওঁ মুখেৰে নামাতি বাকচটো আঙুলীয়াই দেখুৱালে। ঘৈণীয়েকে বাকচটো চাই দেখিলে তাত একো নাই, একেবাৰেই শুদা। তেৱোঁ নৰাইৰ নিচিনাকৈয়ে মাটিত পৰি গ’ল।
   নৰাইৰ ঘৰত হুলস্থূল লাগিল। ওচৰ-চুবুৰীয়া মানুহো গোট খালে। সকলো কথা শুনি নানা জনে নানা অভিমত প্ৰকাশ কৰিবলৈ ধৰিলে।
   এজনে ক’লে,—“আপুনি দেখোন দদায়েকৰ চুৱাটোও ধাৰকৈহে গুচাইছিল, এতিয়া আকৌ আঢ়ৈ হেজাৰ টকা ওলাল ক’ৰ পৰা?”
   নৰাই।—তেতিয়া পোৱা নাছিলোঁ।কেই দিন মানৰ আগতে বাৰীচুকত কোৰ মাৰোঁতে পালোঁ।
   আন এজনে ক’লে,—“সেই বাবাজীয়েই যে চোৰ তাত সন্দেহ নাই। সি অতি ধূৰ্ত্ত। ধন-সোণখিনি যাতে বিচাৰি নুফুৰাকৈ একে ঠাইতে পায়, সেইবাবেই এইটো বুদ্ধি লগালে। বাকচটোও যাতে পোনেই চকুত পৰে আৰু শব্দ নকৰাকৈ মেলিবপাৰে তাৰ বাবেই চাকি লগোৱাৰ দিহা কৰি গৈছিল,