সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়।
মৃতকৰ ইচ্ছা।

 দয়াৰামৰ ঘৰৰ পৰা দুমাইল আঁতৰত জালিৰ ঘৰ। জালিৰ ভায়েকৰ নাম হালি। হালি জালিতকৈ ছবছৰৰ সৰু। পঁচিশ বছৰমান বয়সতে জালিৰ বিবা হৈছিল। তেতিয়া বাপেক-মাক জীবিত আছিল। বাপেক জীয়াই থাকোঁতেই তেওঁৰ দুটা লৰা আৰু এজনী ছোৱালী উপজিছিল।

 জালিৰ ঘৈণীয়েকৰ নাম সুভদ্ৰ। তেওঁ সকলো ঘৰুৱা কামতে পাৰ্গত আছিল। দুযো ভায়েক-ককায়েকে হাল বাই কোৰ মাৰি খেতি কৰিছিল; সুভদ্ৰাই ঘৰৰ সকলো কাম কৰি ভুই ৰুইছিল। বুঢ়ীয়ে লৰা ছোৱালীকেইটা চাইছিল আৰু ঘৰ ৰখিছিল। বুঢ়ায়ো মাজে মাজে পথাৰত একো পাক মাৰি পুতেকহঁতক দিহা-পোহা দিছিল।

 বাপেক মৰাৰ পিচৰ বছৰতে হালিৰো বিয়া হয়। হালিৰ ঘৈণীেয়েকৰ নাম সুমথিৰা। প্ৰথমতে তেওঁলোক সকলোটিৰে মিল আছিল। আগেযে সুভদ্ৰাই অকলৈ ভূঁই ৰুইছিল; চম্ভালিব নোৱাৰিলে মাজে সময়ে ৰোৱণীও বিচাৰিব লগা হৈছিল। এতিয়া দুয়ো জাকে ৰুবলৈ ধৰাত আন ৰোৱণীৰ প্ৰয়োজন নোহোৱা হ’ল। এনেকৈ প্ৰায় এবছৰ হওঁ হওঁ হ’ল, এনেতে বুঢ়ীয়েও নাম ল’লে।