দয়াৰামৰ ঘৰৰ পৰা দুমাইল আঁতৰত জালিৰ ঘৰ। জালিৰ ভায়েকৰ নাম হালি। হালি জালিতকৈ ছবছৰৰ সৰু। পঁচিশ বছৰমান বয়সতে জালিৰ বিবা হৈছিল। তেতিয়া বাপেক-মাক জীবিত আছিল। বাপেক জীয়াই থাকোঁতেই তেওঁৰ দুটা লৰা আৰু এজনী ছোৱালী উপজিছিল।
জালিৰ ঘৈণীয়েকৰ নাম সুভদ্ৰ। তেওঁ সকলো ঘৰুৱা কামতে পাৰ্গত আছিল। দুযো ভায়েক-ককায়েকে হাল বাই কোৰ মাৰি খেতি কৰিছিল; সুভদ্ৰাই ঘৰৰ সকলো কাম কৰি ভুই ৰুইছিল। বুঢ়ীয়ে লৰা ছোৱালীকেইটা চাইছিল আৰু ঘৰ ৰখিছিল। বুঢ়ায়ো মাজে মাজে পথাৰত একো পাক মাৰি পুতেকহঁতক দিহা-পোহা দিছিল।
বাপেক মৰাৰ পিচৰ বছৰতে হালিৰো বিয়া হয়। হালিৰ ঘৈণীেয়েকৰ নাম সুমথিৰা। প্ৰথমতে তেওঁলোক সকলোটিৰে মিল আছিল। আগেযে সুভদ্ৰাই অকলৈ ভূঁই ৰুইছিল; চম্ভালিব নোৱাৰিলে মাজে সময়ে ৰোৱণীও বিচাৰিব লগা হৈছিল। এতিয়া দুয়ো জাকে ৰুবলৈ ধৰাত আন ৰোৱণীৰ প্ৰয়োজন নোহোৱা হ’ল। এনেকৈ প্ৰায় এবছৰ হওঁ হওঁ হ’ল, এনেতে বুঢ়ীয়েও নাম ল’লে।