পৃষ্ঠা:অদৃষ্ট.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


অাৰু তলাত কেনে চাবি লাগিব বন্ধ কৰাৰ লগতে তাক চাই-চিতি লৈছিল।”    নৰাই।—সি বাৰু সোমাল কেনি! কেনিও সিন্ধি দিয়া নাই।
   প্ৰথম মানুহ।—সি ছেগ চাই কেতিয়াবা তোমালোক সাৰে থাকোঁতেই মেলা দুৱাৰে সোমাই কাম সমাধা কৰিলে। মুঠতে সি এই কাম সন্ধ্যাৰ ভাগতে কৰিছে।
   দ্ধি, মা৷— এতিয়াই থানাত এখন এজাহাৰ দিয়া ভাল।
   প্ৰ, মা৷— এজাহাৰ দিলেও একো লাভ নহয়। সি ইয়ালৈ অহাৰ দুই এদিনৰ ভিতৰতে কামটো কৰিছে। এতিয়া সি তেজপুৰ হে নালাগে, কি জানি অসমতেই নাই। নহ’লে সি কুৰি দিন সময় নল’লেহেতেন।
   দ্ধি, মা৷— তথাপি এজাহাৰ দিব লাগে। কি জানি পুলিচে কিবা সূত্ৰ উলিয়ায়েই।
   ইয়াৰ পাচত নৰাই থানালৈ গ’ল অাৰু সকলো কথা বৰ্ণনা কৰি এখন এজাহাৰ দিলে। দাৰোগাই ক’লে, “তাক পোৱাৰ আশা নাই। এদিন, দুদিন নহয় একেবাৰে কুৰি দিন। ইয়াৰ ভিতৰত সি কোনখিনি পালেগৈ তাৰ কি ঠিক আছে! তথাপি অামি আমাৰ কাম কৰিব লাগিব। তুমি মানুহটো ক’ৰ বুলি অনুমান কৰা?
   নৰাই৷— পশ্চিমীয়া হ’ব পায়। সি হিন্দুস্থানী কয়, অসমীয়া নাজানে।