পৃষ্ঠা:অদৃষ্ট.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সপ্তম অধ্যায়।
অাঙঠি-পিন্ধোৱা।


   জালিৰ ঘৰৰ পৰা ছমাইল আঁতৰত ৰসাই মণ্ডলৰ ঘৰ। ৰসাইৰ অৱস্থা যদিও অাগ ছোৱাত বৰ ভাল নাছিল, তথাপি পিছৰ ছোৱাত চকুত লগা হৈ উঠিছিল। নিজৰ চেষ্টাৰ বলতে তেওঁ দুপূৰা বাৰী-মাটি আৰু বাৰ পূৰা ৰুপিত মাটিও নকৈ ল’লে। ঘৰ এটা এটাকৈ প্ৰায় সকলোখিনিয়েই টিনৰ হৈ উঠিল। গুটি আৰু গছি ধানৰ দুটা ভঁৰাল হ’ল। চাকৰিতো উন্নতি কৰি শেহত কাননও হৈছিল। তেওঁৰ লৰা তিনটা,- ডাঙৰটোৰ নাম মদন, মাজিউটোৰ নাম ৰত্ন আৰু সৰুটোৰ নাম পীতাম্বৰ। প্ৰথমটো ছাত্ৰবৃত্তি আৰু সৰুটো প্ৰাইমাৰী পাচ। মাজিওটোৱে ইংৰাজী স্কুলৰ সপ্তম মানলৈকে পঢ়িছিল। বাপেকে চাকৰিৰ পৰা অৱসৰ লোৱা বাবেই মদনক মণ্ডলৰ কামত সুমাই দিয়ে। ৰত্ন বাগিচাৰ মহৰী। পীতাম্বৰ ঘৰতে থাকে অাৰু সময়মতে খেতি-পথাৰ চায়।
   ৰসাইৰ পৰলোক হোৱা এতিয়া পাঁচ বছৰ হৈছে । তাৰো সাত বছৰৰ আগতে মদনৰ বিয়া হয়। ৰত্নৰ বিয়া হয় তাৰ দুবছৰ পাচত । কিন্তু পীতাম্বৰৰ এতিয়ালৈকে বিয়া হোৱা নাই। তেওঁৰ বয়স ডেৰ কুৰিৰ ওপৰ ।