ভুধৰহঁতৰ গাৱত দধি বুলি এজন মানুহ আছিল। তেওঁৰ ঘৰুৱা অৱস্থা ভাল নহয়। এপুৰামান মাটিত খেতি কৰি
কোনোমতে পেটে-ভাতে খাই প্ৰবৰ্ত্তি থাকে। তেওঁৰ
একেটা লৰা মণিৰাম গাওঁখনৰ ভিতৰতে ভাল লৰা। বাপেকে
তাক যেনে তেনে পঢ়াবৰ ইচ্ছা কৰি স্কুলত দিছিল। কিন্তু
মাইনৰ পাচ কৰাৰ পাচত আৰু পঢ়োৱা তেওঁৰ পক্ষে সম্ভব
নহ’ল। তেতিয়া মণিৰ বয়স ষোল বছৰ হৈছিল।
কিছুমান দিন ঘৰতে থকাৰ পাচত মণি চাকৰি বিচাৰি
ওলাল আৰু বাগিচাই বাগিচাই ঘুৰিবলৈ ধৰিলে। কিন্তু বহুত
দিনলৈকে কোনো চাকৰি যোগাৰ কৰিব নোৱাৰিলে। কেতিয়াবা
ক’ৰবাত দুই-এমাহ অস্থায়ী ভাবে কাম পালেও স্থায়ী কাম
নাপায়। তাৰ কাৰণ প্ৰায়বোৰ বাগিছাতে বৰ কেৰাণী, ডাক্তৰ
আদি বঙ্গালী। কিবা চাকৰি ওলালেই তেওঁলোকে তেওঁ-
লোকৰ লগা-ভগা মানুহ আনি সুমুৱাই লয়; অসমীয়া লৰাই
কেতিয়াবাহে সুবিধা পায়। মণিৰামো সেই কাৰণেই বহুত
বাৰ হতাশ হ’ব লগাত পৰিছিল। এনেকৈযে চাৰি বছৰ মৰি
পৃষ্ঠা:অদৃষ্ট.pdf/৫১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে