সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৃতকৰ ইচ্ছা

ধৰিব লগা হ’ল? তেওঁ এতিয়া বেলেগ হোৱা বাবে মাজে মাজে বেজাৰ কৰিবলৈ ধৰিলে।

 এনেকৈ বেলেগ হোৱাৰ পৰা তেৰ বছৰ পাৰ হ’ল। এতিয়া জালিৰ লৰাছোৱালী ছটা। মাজৰ দুটা ছোৱালী, বাকীকেইটা ল’ৰা। হালিৰ দুটা ল’ৰা আৰু দুজনী ছোৱালী। লৰা দুটা ডাঙৰ, প্ৰথমটোৰ বয়স এঘাৰ।

 জালিৰ এতিয়া বিশেষ একো জঞ্জাল নাই। ডাঙৰ লৰা দুটা খেতি-পথাৰ চলাব পৰা হৈছে; ছোৱালী-দুজনীয়েও ভূঁই ৰোৱা, তাঁত-সূত বোৱা আৰু আন ঘৰুৱা কামত মাকক সাহায্য কৰিব পাৰে। হালিৰ লৰাই অলপ লাচনি-পাচনি কৰিব পাৰিলেও বাহিৰৰ কাম একো কৰিব নোৱাৰে। মুঠতে এতিয়া জালিৰ অৱস্থা হালিতকৈ বহুত গুণে ভাল।

 কিন্তু তেওঁলোকৰ এই অৱস্থাটো বেচি দিন নাথাকিল। জেঠ মাহত হঠাৎ জালিহঁতৰ গাৱত আৰু ওচৰ-চুবুৰীয়া গাওঁবোৰত সংক্ৰামক ভাবে হাইজা লাগিল। ওচৰত ডাক্তৰ নাই, কবিৰাজ নাই। বেজে মোৰৰ পুথি, বেজালি পুথি লৈ জাৰে, কিন্তু ৰোগী প্ৰায়েই মৰে। এনেকৈয়ে কুৰি দিনমানৰ ভিতৰত গাওঁকেইখনৰ তিনি ভাগৰ দুভাগ মানুহ সিফলীয়া হ’ল। ৰোগে যেতিয়া শাম কাটে, তেতিয়া তেজপুৰৰ পৰা এজন চৰকাৰী ডাক্তৰ গৈ ওলাইছিল। তেওঁ ৰোগী চিকিৎসা কৰিবলৈ নাপালে, নিৰোগ কেইটাকে বেজি দি

আহিল।