পৃষ্ঠা:অদৃষ্ট.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যদি সেয়ে হয়, সি সটকাই ভাল নহয়। ৰাতিৰ ভিতৰতে আৰু দুই এবাৰ মৰিব পাৰে। কিছু সময় বাট চাই যদি দৰা অহাৰ গম পোৱা নাযায়, তেন্তে দৰাৰ আচল অৱস্থাটো চাই অহাৰ দৰকাৰ। সেইটো কামৰ ভাৰ ল’ব পাৰিবা জানো?
   দোকানী।- পাৰিম। তাত কন্যা-ঘৰৰ পৰা খবৰ লবলৈ পঠিয়াইছে বুলি ক’লেই হ’ব। পিচে তাৰ পৰা লাভ হ’ব কি?
   বলো।-কি লাভ হ’ব খবৰটো পালেহে ক’ব পাৰিম। সি আজি ৰাতিৰ ভিতৰত অাহিব পৰাৰ সম্ভাবনা আছে নে নাই তাক আগ ধৰি জানিব লাগে।
   বিয়াঘৰীয়া মানুহ তেতিয়াও দৰাৰ অপেক্ষাতে আছিল। দোকানীয়ে তেওঁৰ লগৰীয়া ডেকা দুজনক মাতি আনি পঠিয়াবলৈ ঠিককৈ ৰাখিলে।
   লাহে লাহে চাৰে বাৰ বাজিল, কিন্তু দৰাৰো গম নাই, কোনো বাতৰিও নাই। তেতিয়া দোকানীয়ে ডেকা দুজনক দৰাৰ খবৰ লবলৈ পঠিয়াই দিলে। তেওঁলোক চাইকেলেৰে বৰ কোবেৰে গৈ অলপ সময়তে দৰাঘৰত উপস্থিত হ’ল।
   ডেকা দুজনে মণ্ডলক দেখা কৰি ক’লে,—“ইমান পৰ- লৈকে দৰা নোযোৱা দেখি কন্যাঘৰত পৰা আমাক খবৰ লবলৈ পঠিয়াইছে। এতিয়া দৰা কেনে?
   মণ্ডল।—ভাল হৈছে। আমিও ওলাবৰ কাৰবাৰ কৰিছোঁ। এইবোৰ যে কি মানুহ ক’ব নোৱাৰোঁ। মানুহ