ধৰিছিল, কিন্তু সি যে সেই বাবাজী নহয় সেইটো পাচত জনা
গ’ল। এনেয়ে পুলিচে এৰি দিলেহেতেন, কিন্তু সি ভেশছন
কৰি ফুৰাত তাৰ ওপৰত তেওঁলোকৰ সন্দেহ জন্মে আৰু তাক
হাজোতত থৈ গাৱেঁ-ভূয়ে তদন্ত কৰে। তদন্তত তাৰ বিৰুদ্ধে
একো প্ৰমাণ পোৱা নাই। কিন্তু তাৰ কোনো ব্যৱসায় নাই অাৰু
ছদ্মবেশ ধৰি ফুৰিছে। সেই কাৰণে অসৎ উপায়েৰে জীবিকা
অৰ্জন কৰে বুলি সন্দেহ কৰি পুলিচে ১১০ ধাৰাত চালন দিছে।
হৰ৷—তাক সৰুৱাবৰ উপায় নাই নে?
সূৰ্য্য।— আছে। যদি তোমালোকে তাৰ দায়িত্ব ল’ব পাৰা
তেন্তে তাক এৰি দিব পাৰে।
বলো। —আমি কি কৰিব লাগিব।
সূৰ্য্য৷ — এজন উকীল ধৰি তোমালোকক জামীন লৈ তাক
এৰি দিবলৈ দৰ্খাস্ত দিব লাগিব। যদি কেতিয়াবা তাৰ বিৰুদ্ধে
কিবা ওলায়, তেতিয়া তাক আদালতত হাজিৰ কৰি দিব
লাগিব। নহলে জামীনেই জগৰত পৰিব।
হৰ।-মই তাৰ ভিনীহিযেক। ময়েই জামীন হ’ম।
তাৰ নিমিত্তে মোৰ ভয় নাই। সি অতি নিৰ্জ্জু-মাটি যেন,
তাৰ কোনো কুমতলব নাই। মনৰ বেজাৰত মূৰৰ ঠিক
নোহোৱা হোৱাত হে ঘৰ এৰি আহিছিল। দৰ্খাস্তৰ খৰচ
কিমান লাগিব?
—উকীলক দিব লাগিব পাঁচ টকা। লিখাৰ খৰচ,
টিকটৰ খৰচ, আৰু কিবা কিবি আন খৰচো পাঁচ টকামান
পৃষ্ঠা:অদৃষ্ট.pdf/১০৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে