পৃষ্ঠা:অদৃষ্ট.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৰ্বস্বান্ত

কাই বেচিবলৈ গ্ৰাহক বিচৰাৰ কথা ভগীৰামে শুনিবলৈ খুলে আৰু হলিৰ লগ ধৰিলে । হলিয়ে দৰ কৰিলে পূৰাত চাৰিশ কৈ । সেই ঠাইৰ মাটিৰ দাম তেতিয়া সিমান নাছিল । সেই কাৰণে ভগীৰামে পুৰাত দুশতকৈ বেচি দিবলৈ গাত নল’লে। হলিয়েও সেই দামত দিব নুখুজিলে । (চষ্টা হ’লে এজনেও নেৰিলে । দিনচেৰেক দৰ-ভাও চলি থকাৰ পিচত পুৰাত আঢ়ৈ শ দৰত দুয়ো পক্ষ মান্তি হ’ল ।
   ভগীৰামে হিচােপ কৰি দেখিলে—মাটিৰ মূল্য হ’ব দুহেজাৰ টকা । মাটি ল’লেই অাৰু এহাল গৰু কিনিব লাগিব । হালোৱা এটাও ৰাখিব লাগিব, ৰোৱণীৰ খৰচো বেচি হ’ব । তেওঁৰ হাতত জমা আছে মুঠেই আঠশ টকা । সকলো হিচাপ কৰি তেওঁ কেঞাৰ পৰা পোন্ধৰ শ টকা ধাৰে লবলৈ ঠিক কৰিলে । সুত শত মাহে দুটকাকৈ । তেওঁ ভাবিলে আগৰ মাটিৰ খেতিয়েই খাবলৈ জুৰিব, হালোৱা ৰোৱণীৰ খৰচো ওলাব। নতুন মাটি আঠ পুৰাত কমকৈও তিনিশ মোন ধান হ’ব; বাৰিষা দিনত বেচিব পাৰিলে অতিকমেও ডেৰ হাজাৰ টকা পোৱা যাব । যদি ভালমতে খেতি হয় দুবছৰতে ধাৰ মৰি যাব । তৃতীয় বছৰৰ পৰা সকলো টকাই জমা ৰ’ব আৰু তেওঁ ধনী মাহ হৈ খাব পাৰিব ।
   সকলো কথা ভাবি-চিন্তি ভগীৰামে টকা ধাৰ কৰি মাটি আঠ পূৰা কিনিলে আৰু নামজাৰিৰ দৰ্খাস্ত দিলে। ইফালে গৰু অাৰু হালোৱাৰো দিহা কৰিলে। কিন্তু নামজাৰিত গোলমাল