সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰ্বস্বান্ত

কাই বেচিবলৈ গ্ৰাহক বিচৰাৰ কথা ভগীৰামে শুনিবলৈ পালে আৰু হলিৰ লগ ধৰিলে। হলিয়ে দৰ কৰিলে পূৰাত চাৰিশ কৈ। সেই ঠাইৰ মাটিৰ দাম তেতিয়া সিমান নাছিল। সেই কাৰণে ভগীৰামে পুৰাত দুশতকৈ বেচি দিবলৈ গাত নল’লে। হলিয়েও সেই দামত দিব নুখুজিলে। চেষ্টা হ’লে এজনেও নেৰিলে। দিনচেৰেক দৰ-ভাও চলি থকাৰ পিচত পুৰাত আঢ়ৈ শ দৰত দুয়ো পক্ষ মান্তি হ’ল।

 ভগীৰামে হিচাপ কৰি দেখিলে—মাটিৰ মূল্য হ’ব দুহেজাৰ টকা। মাটি ল’লেই আৰু এহাল গৰু কিনিব লাগিব। হালোৱা এটাও ৰাখিব লাগিব, ৰোৱণীৰ খৰচো বেচি হ’ব। তেওঁৰ হাতত জমা আছে মুঠেই আঠশ টকা। সকলো হিচাপ কৰি তেওঁ কেঞাৰ পৰা পোন্ধৰ শ টকা ধাৰে লবলৈ ঠিক কৰিলে। সুত শত মাহে দুটকাকৈ। তেওঁ ভাবিলে আগৰ মাটিৰ খেতিয়েই খাবলৈ জুৰিব, হালোৱা ৰোৱণীৰ খৰচো ওলাব। নতুন মাটি আঠ পুৰাত কমকৈও তিনিশ মোন ধান হ’ব; বাৰিষা দিনত বেচিব পাৰিলে অতিকমেও ডেৰ হাজাৰ টকা পোৱা যাব। যদি ভালমতে খেতি হয় দুবছৰতে ধাৰ মৰি যাব। তৃতীয় বছৰৰ পৰা সকলো টকাই জমা ৰ’ব আৰু তেওঁ ধনী মাহ হৈ খাব পাৰিব।

 সকলো কথা ভাবি-চিন্তি ভগীৰামে টকা ধাৰ কৰি মাটি আঠ পূৰা কিনিলে আৰু নামজাৰিৰ দৰ্খাস্ত দিলে। ইফালে গৰু আৰু হালোৱাৰো দিহা কৰিলে। কিন্তু নামজাৰিত গোলমাল