পৃষ্ঠা:অদৃষ্ট.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   ঘটিলেও ইয়াত সকলোৰে মুখে মুখে হয়।মোৰ বোধেৰে কথাটো মিছা, কিবা এটা মতলৱ লৈহে সি তেনে কৰিছে ।
   বলো। তেনেহলে সি পলোৱাৰ কি কাৰণ থাকিব পাৰে?
   হৰ।—তাকেই তো বুজিব পৰা নাই।
   বলো—কিজানি তাৰ বিয়া কৰাবৰ ইচ্ছা নাই। তাকে মুখ ফুটাই ক’ব নোৱাৰি আঁতৰি গৈছে।
   হৰ।—সেইটোও সচা যেন নালাগে! যদি তাৰ মনেই নাথাকিব, সি বিয়াৰ যোগাৰ কৰিবলৈ মোক ভাৰ দি যাব কিয়? আগদিনা ইমান আগ্ৰহেৰে আগ বাঢ়ি পিচ দিনা পলাব কিয়? সেইটো নহয়, আন কিবা এটাহে কথা।
   বলো।—কি বাৰু হোৱাৰ সম্ভব?
   হৰ।—তাক বুজিবৰ উপায় নাই। মই সকলো বস্তু যোগাৰ কৰি ৰাখিছিলোঁ। এসপ্তাহমানৰ আগতে সি মোক খবৰ দিবৰ কথা আছিল, তেতিযা সকলো লৈ মোৰো যোৱাৰ কথা আছিল। পিচে কোনো খবৰ নাহিল, ময়ো অান এটা লেঠাত পৰিলোঁ। কালিলৈ ভাগিনী ছোৱালীজনীৰ বিয়া। বিয়াৰ পাচত হে ভু ল’মগৈ বুলি ভাবিছিলোঁ।
   বলো।— ভাগিনীযেকৰ দৰা নো ক’ত?
   হৰ।-এতিয়া ইয়াতে, একে গাঁৱতে। আগতে বন্দবস্ত হৈছিল আপোনালোকৰ ফালৰ মদন মণ্ডলৰ ভায়েকৰ লগত। পিচে মূৰামূৰিত বিয়াখন ভাঙিব লগা হ’ল।