পৃষ্ঠা:অদৃষ্ট.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
আৱৰীয়া

মণিয়ে ক’লে,—“তিনি দিনৰ ছুটী লৈ ঘৰলৈ আহিছিলোঁ। পিচত ভাবিলোোঁ বোলো তিনিও দিন ঘৰতে কটোৱাতকৈ তোমালোকৰো খবৰটো লৈ যাওঁ৷”
   বায়েক।—আহিলি, ভাল কৰিলি। পিচে যাবি কেতিয়া?
   মণি।—আজিয়েই গধুলি জাহাজত।
   বায়েক।- ইঃ! হয়। আজিয়েই যায়! এৰাতিও নাথাক যদি আহিছিলি কিয?
   মণি৷-পাৰিলেতো থাকিলোঁৱেইহেতেন। পিচে থাকোঁ কেনেকৈ? পৰহিলৈ কামত হাজিৰ হ’বই লাগিব।
   তেতিয়াৰ কথা সিমানতে শেষ কৰি বাযেকে মণিক মুখ ধুবলৈ দিলে আৰু চাহ আনিলে। মণিয়েও মুখ ধুই চাহ খালে।
   দুপৰীয়া ভাত খোৱাৰ পাচত সূৰ্য্য কাছাৰীলৈ গ’ল। মণিয়ে বায়েকৰ লগত নানা প্ৰকাৰ ঘৰুৱা কথা পাতি অাৰু এবাৰ এখন্তক ইফালে-সিফালে ফুৰি দিনটো নিয়ালে, গধুলি বেলিকা বায়েক-ভিনীহিয়েকৰ ওচৰত বিদায় লৈ জাহাজ ঘাটলৈ গ’ল।

----