ঘূৰি শেহত তেওঁ কলিয়াবৰতেই এখন বাগিচাত মহৰী-কাম
পায়। কাম পোৱা এতিয়া প্ৰায় দুবছৰ হৈছে।
ভূধৰৰ হোৱালীজনীৰ নাম মালতী। মালতী মণিতকৈ
ছ বছৰৰ সৰু। গাওঁখনৰ ভিতৰতে মালতী ধুনীয়া ছোৱালী।
স্বভাৱ-চৰিত্ৰ আৰু কাম-কাজতো ভাল। মণি আৰু মালতীৰ
ঘৰ একে গাৱঁতে হোৱাত সৰুৰে পৰা তেওঁলোকৰ দেখা-
সাক্ষাৎ আছিল। অকল দেখা-সাক্ষাৎ কিয় কেতিয়াবা একে
লগে উমলিছিলো। দুয়োৰে ৰূপ-গুণলৈ লক্ষ্য কৰি গাৱঁৰ
তিৰোতাবিলাকে মাজে মাজে কয়,—“ইহঁত দুটাৰ বিয়াখন
হ’লে বৰ মিল হ’ব। তেনেকৈ কোৱা মণি বা মালতীৰ
কাণতো নপৰাকৈ নাথাকে। বয়স বঢ়াৰ লগে লগে তেওঁ-
লোকৰ মনতো যে তেনে ভাব খেলাইছিল তাত সন্দেহ নাই।
কিন্তু তেওঁলোকৰ এজনেও সেই কথা কাকো জানিবলৈ দিয়া
নাই। মণিয়ে ভাবিছিল তেওঁৰ ঘৰৰ অবস্থা বেয়া। কেই
বছৰমান চাকৰি কৰি অৱস্থাটো অলপ ভাললৈ আনিহে তেনে
ইচ্ছা প্ৰকাশ কৰা উচিত হ’ব।
মালতী ছোৱালী মানুহ। বিয়াৰ বিষয়ে নিজে কোনো
কথা কবলৈ উপায় নাই।
ভূধৰেও মণিৰ কথা ভাবিহিল। দধিয়ে ধৰা হ’লে তেওঁ
নিশ্চয় দিলেহেতেন। কিন্তু দধি নাইবা মণি এজনেও কোনো
প্ৰস্তাব তেওঁলৈ আগ বঢ়োৱা নাই। মণিৰ আশাতে ৰাখি
থ’লে পিচত যদি মণিয়ে বিয়া কৰাব নোখোজে তেতিয়া কি হ’ব!
পৃষ্ঠা:অদৃষ্ট.pdf/৫২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে