হৰহঁতে বিড়ি কিনি থাকোঁতেই দোকানৰ আগে দি মানুহ
এটা যোৱা দেখি দোকানীয়ে মাতিলে,—“এই বুধু, এই ফালে
আহ।”
বুধু সোমাই আহিল। তাৰ গঢ়টো দেখিলে উৰিয়া যেন
লাগে। দোকানীয়ে সুধিলে,-“কলৈ যাৱ?”
বুধু৷ — গৰুকেইটা অহা নাই, তাকে বিচাৰিবলৈ।
দোকানী।— আজি-কালি ঘৈণীয়েৰ পলায় নে নপলায়?
বুধু৷ — সেই দিনাৰ পৰা পলোৱা নাই৷
দোকানী।— তই তেন্তে মৰি বৰ ডাঙৰ কামকে কৰিলি।
বুধু৷— নমৰা হ’লে তাইক ক’ত ঘৰ লোৱাব পাৰোঁ!
দোকানী। তোৰ বুধিটো মই নশলাগি নোৱাৰিলোঁ।
বাৰু যা।
বুধু গ’ল। দোকানত থকা মানুহ কেইজনে কথাৰ একো
মোৰ ধৰিব নোৱাৰিলে; তেওঁলোকৰ কৌতুহল জন্মিল।
এজনে দোকানীক সুধিলে-“এইখন কি দোৱান দিলা, আমি
দেখোন ততকে ধৰিব নোৱাৰিলোঁ। কথাটো কি?”
দোকানীয়ে হাঁহি হাঁহি ক’লে,—"ই এটা মজাৰ ঘটনা।
এই যে বুধু বোলা মানুহটো, তাৰ বাপেক আছিল বাগিচাৰ
কুলি। ই সৰু থাকোঁতেই মাক-বাপেক বাগিচাৰ পৰা ওলাই
আহে। এদিন ইয়াৰে মৌজাদাৰে পাই সিহঁতক লৈ গল আৰু,
তেওঁৰ বাঁৰী এখনতে ঘৰ এটা সজাই থাকিবলৈ দিলে। সিহঁত
তাতে থাকে মৌজাদাৰৰ খেতি-পথাৰ আৰু আন কাম-বন
পৃষ্ঠা:অদৃষ্ট.pdf/৯৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে