পৃষ্ঠা:অদৃষ্ট.pdf/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হালি আহি সুভদ্ৰাক ক’লে,—‘বৌ! দেখিছা দয়াৰামক কেনেকৈ পুলিচে বিচাৰি ফুৰিছে। নিশ্চই সি কিবা ডাঙৰ জগৰ লগাইছে। সি পলাই যোৱাৰ কাৰণ এতিয়াহে ওলাই পৰিল। এতিয়া ধৰা পৰিলে সি ফাটেকলৈ যাৰ। নপৰিলেও সি ইয়ালৈ আহিব নোৱাৰে সদায় লুকায়েই থাকিব লাগিব। এতিয়াও তুমি তালৈকে অাশা পালি থাকিবা নে?
   সুভদ্ৰা।— মই নো কি কৰিম!
   হালি৷—তুমি একো কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। তুমি মুঠেই মোৰ কথাত মত দিয়াঁ। ছেগ এবাৰ হে আহে। এনে এটা ছেগ হাততে পাই এৰি দিলে অাৰু কেতিয়াও নোপোৱা।
   সুভদ্ৰা।—ককাইকো এবাৰ সুধি চাব লাগিছিল। তেৱোঁ অাহক, ময়ো ভাবি চাওঁ।
   হালি। তাকে কৰিবলৈ সময় ক’ত! মই আগেয়েই কৈছোঁ তেওঁলোকৰ ছোৱালীৰ অাকাল লগা নাই। যেই সেই এজনীৰ লগতে চ’ঠা দিনালৈ বিয়া পাতিবই৷ আজিয়েই খাটাংকৈ ক’ব লাগে।
   সুভদ্রা।—কেচ নহলে ৰাতিটো বাট চোৱাঁ। কালিলৈ যে হয় ক’ম। ছোৱালীজনীয়ে বা কি কয়।
   হালি।—সেইটো আকৌ কি কথা! তাই ক’বলৈ কি আছে। আমি যি কওঁ তাকে তাই শুনিব লাগিব ।
   সুভদ্ৰা।—তেও বুলি কথাটো তাই জনা ভাল।