ৰামকো চপোৱা নাই, ছোৱালীৰ মালিকা তুমিয়েই। সেই
দেখি আকোঁ এবাৰ কথাটো সুধিবলৈ আহিলোঁ ।
হালি।-কিয় আপোনাৰ ভায়েকলৈ জানো কলিয়াবৰত
ছোৱালী ঠিক হোৱা নাই? কালিলৈকে বিয়া বুলি শুনি-
ছিলোঁ ।
মদন।—হওঁতে ঠিক হৈছিল। পিচে হৈও নোহোৱা
হ’ল ।
হালি।—কিয় ?
মদন।—নক’বা অাৰু! এনেয়ে বুঢ়ালোকে কৈছে নে
বোলে অচিন কাঠৰ থোৰাকো নলগাব। মই অাক-তাক
সুধি-পুচি, ছোৱালীও চাই ভালকে পালোঁ আৰু সেই দেখিয়েই
খোজা-বঢ়া কৰিলোঁ৷ এতিয়া মূৰামূৰিত জানিব পাৰিলোঁ
ছোৱালীৰ অান এজনৰ লগত কথা আছে। আন কি, বিয়াৰ
বন্দবস্ত হোৱা শুনি পলাইছিলেই বোলে। বাপেকে ধৰি
বান্ধিহে বিয়া দিব খুজিছিল৷ সেইবোৰৰ প্ৰমাণ মোৰ হাতত
পৰিল৷ একো নজনাতে বিয়াখন হৈ যোৱা হলেও এক কথা
অাছিল। এতিয়া জানি-শুনি তেনে এজনী ছোৱালী কেনেকৈ
চপাই লওঁ। সেই দেখি বিয়া কৰোৱা নহয় বুলি খাটাং কৈ
জনাই দিলোঁ।
হালি।—তেনেহলে বিয়াখন ভাগিল।
দিন।—এৰা, সেই হে তোমাৰ ওচৰলৈ আহিছোঁ৷
বিয়াৰ সকলো বস্তু যোগাৰ হৈ গ’ল, সেইবোৰ পেলনি নিয়াব
পৃষ্ঠা:অদৃষ্ট.pdf/৮০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
অদৃষ্ট
