সূৰ্য্যৰ ঘৰৰ পৰা অলপ আঁতৰতে এজন ডাক্তৰ অাছিল।
সূৰ্য্যই তেওঁকে মতাই আনিলে। ডাক্তৰে কিবা দৰবৰ বটল
এটা নাকৰ গুৰিত ধৰিলে। পীতাম্বৰে অলপ মূৰ জোকাৰিলে।
ডাক্তৰে চাই-চিতি ক’লে,—“বোধ কৰো আঁৱৰীয়া বেমাৰ।
এই বেমাৰ হোৱা কিমান দিন হ’ল?”
মদনে ক’লে,—“অাগে-পিচে হোৱা নাই। আজিয়েই
প্ৰথম।”
ডাক্তৰ।— আপোনাৰ কথা সঁচা নে? মোৰ বিশ্বাস হোৱা
নাই। এটা কথা মনত ৰাখিব, ডাক্তৰক ফাকি দিলে ৰোগ-
নিৰ্ণয় কৰাত ভুল হ’ব পাৰে। তাৰ কুফল ৰোগীয়েই ভুগিব
লাগিব।
মণ্ডলে তেতিয়া ডাক্তৰক অকলশৰীয়াকৈ মাতি নি পাঁচোটা
টকা দি ক’লে,—“আপোনাৰ কথা সঁচা। তাৰ এইটো বেমাৰ
সৰুৰে পৰা আছে, মাজে মাজে উক দিয়ে। বহুতো বেজ-
জ্ঞানী, ডাক্তৰ কবিৰাজ লগালোঁ, একো নহ’ল। অাৰু দহ
দিনৰ মূৰত তাৰ বিয়া। বিয়াৰ মাল কিনিবলৈ বুলিয়েই
জিলালৈ আহিছিলোঁ; আজিয়েই উক দিব বুলি ভবা নাছিলোঁ।
কালিমানলৈ সি এনেয়ে ভাল হ’ব। কথাটো আনে জানিলে
বিয়াখন ভাগিব পাৰে; সেই দেখিহে মই তেওঁলোকৰ আগত
কোৱা নাছিলোঁ। আপুনি যেন কথাটো কাকো নকয়।”
ডাক্তৰে কিছু খং আৰু বিৰক্তিৰ ভাব দেখুৱাই ক’লে,—
“ই কি কথা। এনেকৈ মৰা মানুহ এটা লোকৰ ছোৱালী
পৃষ্ঠা:অদৃষ্ট.pdf/৫৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
আৱৰীয়া