লাগিল । হলিৰ আৰু তিনিজন ভায়েক অাছিল । তেওঁলোকে
আপত্তি দৰ্শালে যে সেই মাটি তেওঁলোকৰ পৈত্ৰিক সম্পত্তি।
যদিও পট্টাত তেওঁলোকৰ নাম নাই, তথাপি তেওঁলোকৰো
তাত ভাগ আছে । ককায়েক এতিয়া বেলেগ, তেওঁলোকে
নজনাকৈ তেওঁ মাটি বেচিছে। কিন্তু তেওঁ তেওঁৰ ভাগৰ দুপুৰা
মাথোন বেচিব পাৰে । সাক্ষী বাদী লৈ চব-ডেপুটিয়ে কথাটো
সচা বুলি প্ৰমাণ পালে আৰু মাত্ৰ দুপুৰাতহে ভগীৰামৰ
নামজাৰি কৰিলে, ভগীৰামে এই আদেশৰ বিৰুদ্ধে আপীল
কৰিলে কিন্তু আপীলতো চব-ডেপুটিৰ ৰায়েই বাহাল থাকিল।
উকীলে ভগীৰামক হলিৰ ওপৰত ছপূৰা মাটিৰ মূল্য ডেৰ
হাজাৰ টকাৰ বাবে দেৱানী মোকৰ্দ্দমা কৰিবলৈ উপদেশ
দিলে । সেই মতেই মোকৰ্দ্দমা হ’ল । বহুত দিন চোঁচৰাৰ
পাচত সেই টকা হলিৰ ওপৰত ডিক্ৰী হ’ল । কিন্তু টকা
আদায় নহ’ল। হলিয়ে মাটি বেচাৰ আগতে তেওঁৰ অন্যান্য
সম্পত্তি আঁতৰাই থৈছিল নাইবা আনৰ নামত ৰাখিছিল ।
আন কি বাৰীমাটিৰ তেওঁৰ অংশটোও বন্ধকত থৈছিল ।
ভগীৰামে ক্ৰোক কৰিবলৈ একো নাপালে । মুঠতে তেওঁৰ বুঢ়ী
ছাগলীৰ ওপৰত মাহদোনো গ’ল। ইফালে মোকৰ্দ্দমাত ঘূৰি
ফুৰোঁতে সেই বছৰ আগৰ সমান খেতিও কৰিব নোৱাৰিলে
ভগীৰামৰ ধাৰ মৰাৰ উপায় নোহোৱা হ’ল । যদিও পিচ
বছৰ খেতি ভালকৈ লাগিছিল তথাপি খেতিৰ উপাৰ্জ্জনৰ পৰা
সুতেই নোলাল । তৃতীয় বছৰৰ শেহত কেঞাই মোকৰ্দ্দমা
পৃষ্ঠা:অদৃষ্ট.pdf/১৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে