এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানুহৰ জীৱনৰ সোঁত স্বাভাবিক গতিৰে নচলে। কিবা এটা দুৰ্জেয় শক্তিৰ অদৃশ্য হাতে তাক একা-বেকা বাটে দি লৈ যায়। তাৰ ফলত মানৱ জীৱনত আশা-নিৰাশা, হঁহা-কন্দা, আনন্দ-বিষাদ আদি বিপৰীত অনুভূতিৰ আকস্মিক বিকাশ আৰু বিলয়। এই যে ঘটনাৰ প্ৰবাহ, সকলো সময়তে তাৰ কাৰ্য্য কাৰণৰ সম্বন্ধ বিচাৰি পোৱা নাযায়। এয়েই অদৃষ্ট। ইয়াৰ প্ৰভাৱতেই মানুহৰ সৰল জীৱন-যাত্ৰাত জটিলতাৰ সৃষ্টি হয়। “অদৃষ্ট” তাৰেই এটি চিত্ৰ। ইতি—
বহাগ-বিহু, ১৮৭০ শক। |
গ্ৰন্থকাৰ। |