চেনিৰামৰ লগত নৰাই শৰ্ম্মাৰ এক প্ৰকাৰ সম্বন্ধও আছে৷
নৰাইৰ ভদ্ৰ নামে এজন দদায়েক আছিল, বাপেক থাকোঁ-
তেই বেলেগ । তেওঁলোকৰ অৱস্থা ভাল নাছিল । বেলেগ
হওঁতে ভাগত এবিঘা বস্তি, এবিঘা ফৰিততি আৰু দুবিঘা
ৰুপিত মাটি মাথোন পাইছিল ।
বেলেগ হোৱাৰ পৰা কেনেকৈ ধন গোটাব এয়ে হ’ল ভদ্ৰৰ
চিন্তা । সকাম-নিকামত যি চাউল-পাত, দান-দক্ষিণা, কাপোৰ
কানি পায় তাৰেই তেওঁ গৃহস্থি চলায়, পাৰিলে দুই-এটকা
জমাও কৰে । ৰুপিত মাটি দুবিঘা আধি দি যি ধান পায় তাক
বেচি টকাকেইটা পুতি থয়।
আগডোখৰত তেওঁৰ ঘৰত খাওঁতা গিৰীয়েক-ঘৈণীয়েক
মাথোন আছিল, কোনো সন্তান নাছিল । ভাটী বয়সতহে
তেওঁলোকৰ এজনী ছোৱালী জন্মে । তেতিয়াও ঘৰুৱা
ব্যৱস্থা আগৰ দৰেই থাকিল ।
ধানৰ দাম বঢ়া দেখি ভদ্ৰই নকৈ ছবিঘা ৰুপিত মাটি
কিনিলে আৰু তাক আধি দি ধানৰ টকা পুতিবলৈ ধৰিলে ।
ছোৱালীজনীৰ নাম ৰূপহী । লাহে লাহে তাইৰ বিয়াৰ
বযস চাপিল, প্ৰাৰ্থীও ওলাল। কিন্তু বহুত দিন দৰ-ভাও
কৰোঁতেই গ’ল । প্ৰাৰ্থীসকলে ভাবে ভদ্ৰৰ অাৰু লৰা-ছোৱালী
নাই যেতিয়া তেওঁৰ গোটেইখিনি ধন-সম্পত্তি ৰূপহীয়েই পাব ।
ভদ্ৰই ভাবে অলপ সৰহীয়াকৈ গা-ধন ল’ব পাৰিলে তেওঁৰ
পোতৰ টকাৰ জোখ বঢ়াব পাৰিব । এনেকৈয়ে বহুত দিনলকৈ
পৃষ্ঠা:অদৃষ্ট.pdf/৩১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বামুণ-শূদিৰ