চেনিৰামৰ লগত নৰাই শৰ্ম্মাৰ এক প্ৰকাৰ সম্বন্ধও আছে৷
নৰাইৰ ভদ্ৰ নামে এজন দদায়েক আছিল, বাপেক থাকোঁতেই বেলেগ। তেওঁলোকৰ অৱস্থা ভাল নাছিল। বেলেগ হওঁতে ভাগত এবিঘা বস্তি, এবিঘা ফৰিততি আৰু দুবিঘা ৰুপিত মাটি মাথোন পাইছিল।
বেলেগ হোৱাৰ পৰা কেনেকৈ ধন গোটাব এয়ে হ’ল ভদ্ৰৰ চিন্তা। সকাম-নিকামত যি চাউল-পাত, দান-দক্ষিণা, কাপোৰ কানি পায় তাৰেই তেওঁ গৃহস্থি চলায়, পাৰিলে দুই-এটকা জমাও কৰে। ৰুপিত মাটি দুবিঘা আধি দি যি ধান পায় তাক বেচি টকাকেইটা পুতি থয়।
আগডোখৰত তেওঁৰ ঘৰত খাওঁতা গিৰীয়েক-ঘৈণীয়েক মাথোন আছিল, কোনো সন্তান নাছিল। ভাটী বয়সতহে তেওঁলোকৰ এজনী ছোৱালী জন্মে। তেতিয়াও ঘৰুৱা ব্যৱস্থা আগৰ দৰেই থাকিল।
ধানৰ দাম বঢ়া দেখি ভদ্ৰই নকৈ ছবিঘা ৰুপিত মাটি কিনিলে আৰু তাক আধি দি ধানৰ টকা পুতিবলৈ ধৰিলে।
ছোৱালীজনীৰ নাম ৰূপহী। লাহে লাহে তাইৰ বিয়াৰ বযস চাপিল, প্ৰাৰ্থীও ওলাল। কিন্তু বহুত দিন দৰ-ভাও কৰোঁতেই গ’ল। প্ৰাৰ্থীসকলে ভাবে ভদ্ৰৰ আৰু লৰা-ছোৱালী নাই যেতিয়া তেওঁৰ গোটেইখিনি ধন-সম্পত্তি ৰূপহীয়েই পাব। ভদ্ৰই ভাবে অলপ সৰহীয়াকৈ গা-ধন ল’ব পাৰিলে তেওঁৰ পোতৰ টকাৰ জোখ বঢ়াব পাৰিব। এনেকৈয়ে বহুত দিনলকৈ