গ’লে জানো ভাল হ’ব। তাতকৈ এতিয়া বিয়া কৰাই দুই
এদিন এই ঘৰতে থাকক। তাৰ পাচত লৰাৰ লগতে ছোৱালীও
বাগিচালৈ যাওক। ইয়াৰ ভিতৰতে লাহে-ধীৰে ঘৰকেইটা
ভাল কৰাৰ দিহা কৰক। যেতিয়া সেইখিনি হৈ উঠিব,
তেতিয়া ছোৱালীজনী ইচ্ছা কৰিলে আপোনালোকৰ লগতো
ৰাখিব পাৰিব।
দধি।-অকল মই কলেই নহ’ব নহয়। লৰাই বা কি
কয়। হওঁতে যাচি দিয়া ছোৱালী এৰিব নাপায়। তথাপি
তাক সুধিহে কব পাৰিম ।
হৰ।— সেইটো সঁচা৷ লৰাৰ মত নাথাকিলে, আপুনি
গাৰ বলেৰে কিবা কৰিবলৈ যোৱা যে ভাল নহয়, সেইটো
ময়ো কওঁ। আপুনি কয় যদি ময়ে মণিৰ মতামতটা বুজি
আহিব পাৰোঁ।
অলপ ভাবি দধিয়ে ক’লে,—“তুমি অকলৈ যাব নালাগে
ময়ো যাম।”
হৰ।—বৰ ভাল কথা। আজিয়েই তেন্তে খাই বৈ ওলা-
ওক। যি হয় এটা আজিৰ ভিতৰতে খাটাং কৰিব লাগে।
সেই মতে দুপৰীয়া খাই বৈ উঠি দুয়ো খোজ ল’লে
আৰু গধূলি বেলিকা বাগিচা পালেগৈ। তেওঁলোকক
দেখিয়েই মণিয়ে তেওঁৰ চেষ্টা যে সফল হ’ল তাক বুজি
ল’লে। তথাপি নুবুজাৰ ভাও ধৰিয়েই তেওঁলোক যোৱাৰ
উদ্দেশ্য জানিব খুজিলে।
পৃষ্ঠা:অদৃষ্ট.pdf/৬৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে