পৃষ্ঠা:অদৃষ্ট.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
অদৃষ্ট

   বলো।-কিয়? মণ্ডলৰ ঘৰ বৰ ধনী মানুহ। মই ভায়েক- হঁতক নিচিনো যদিও মণ্ডলক চিনি পাওঁ। বিয়া ভাঙিলে কোনে? দৰা ঘৰে নে আপোনালোকে?
   হৰই তেতিয়া আদিৰ পৰা অন্তলৈকে সকলো কথা বলোক ক’লে। সকলো শুনি বলোৱে ক’লে,—মই আগেয়ে পীতাম্বৰৰ কথা ইমানখিনি নাজানিছিলোঁ। জানিবলৈ আমাৰ গাৱঁৰ পৰা তিনিখন গাওঁ এৰিহে মণ্ডলৰ ঘৰ পায়, অহা-যোৱাও নাই বুলিলেই হয়। তাৰ বয়স বহুত হৈছে বুলি কোনোবাই কোৱা শুনিছিলোঁ। ইমান দিন বিয়া নোহোৱাৰ কাৰণ আজিহে বুলিলোঁ৷
   হৰ।— লৰালৰিকৈ দৰা বিচাৰি বিয়াখন পাতিব লগা হোৱাত এই কেইদিন মোৰ খোৱা-শোৱাৰে ঠিক নোহোৱাত পৰিছে। এতিয়াও অাপোনাৰ আগে অাগেহে ঘৰ সোমাইছোঁ। আগৰ দৰে হোৱা হ’লে মোক পাটীত হে পালেহিহেঁতেন।
   বলো৷-বিয়াখন কালিলৈ হৈ গ’লেই আপোনাৰ আজৰি ওলাব। তেতিয়া দয়াৰামৰ বিচাৰ খোচাৰ কৰি চোৱা ভাল হ’ব। ময়ো আহিছিলোঁ সেই উদ্দেশ্য লৈয়েই, ভাবিছিলোঁ বোলো যদি পুলিচে এতিয়াও তাক দোষী বুলি জনা নাই, তেন্তে তাক বিচাৰি উলিয়াব লাগিব। আৰু যদি কিবা শুংসূত্ৰ উলিয়াছে বুলি গম পোৱা যায় তেন্তে য’ৰে মানুহ য’লৈকে যায় যাওক, আমি নিবিচাৰোঁ।