পৃষ্ঠা:অদৃষ্ট.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ইটোও ফলিয়াবই। আশী বছৰৰ ভিতৰত তাৰ নৰিয়াৰ ভয় নাই।”
   মদনৰ কথাত ভূধৰৰ সন্দেহ আঁতৰ হ’ল। তেওঁ ক’লে, —“মই আজি একো নকওঁ। ঘৰলৈ গৈহে মতামত জনাম।
   ভূধৰ ঘৰলৈ আহি যি দেখিলে শুনিলে আত্মীয়-কুটুম্ব সকলোকে জনালে। সকলোৱে ছোৱালী দিয়াটোকে সমৰ্থন কৰিলে। ইয়াৰ দুদিন পাচত যেতিয়া মণ্ডল খবৰ লবলৈ আহিল, ভূধৰে ছোৱালী দিয়াত আপত্তি নাই বুলি জনালে।
   ভূধৰৰ সন্মতি মতে বিহুৰ পাচতে ছোৱালীক আঙঠি পিন্ধোৱা হ’ল। বিয়াৰ দিন ধাৰ্য্য হ’ল একৈশ বহাগত।

_______