সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদৃষ্ট


 এই ৰোগত জালিৰ প্ৰায় সকলো গ’ল; থাকিল মাথোন তেওঁ নিজে, ঘৈণীয়েক সুভদ্ৰা আৰু ডাঙৰ জীয়েক কপাহী। হালিৰো সৰু লৰাটো আৰু ডাঙৰ ছোৱালীজনী ঢুকাল।

 এই দুৰ্ঘটনাত দুয়ো ভায়েক-ককায়েকৰ শোকৰ পাৰ নোহোৱা হ’ল। হালিতকৈও জালি একেবাৰেই মৃত-প্ৰায় হ’ল। চাৰিটা লৰাৰ ভিতৰত ঈশ্বৰে নে এটাও এৰিব নাপায় নে। মনৰ বেজাৰত তেওঁ সেইবাৰ খেতিও এৰিলে।

 যদিও এনে নিদাৰুণ শোক পাহৰা সম্ভব নহয়, তথাপি দিন যোৱাৰ লগে লগে তাক সহিব পৰা হ’ল। কপাহীৰ বয়সে এতিয়া পোন্ধৰৰ ডেওনা ডেই গৈছে। জালিৰ এতিয়া আন চিন্তা নাই। ছোৱালীজনীৰ এটা দিহা লগাই যাব পাৰিলেই তেওঁৰ জীৱনৰ কাম শেষ হয়।

 এদিন হালি জালিৰ ওচৰ চাপি ক’লে,—“ককাই যি হ’ব লগা আছিল, হৈ গ’ল এতিয়া আমি আকৌ লগ হওঁ। ছোৱালীজনীৰো বিয়া দিবৰ বয়স হ’ল। তাই ৰূপে গুণে যেনে চকুত লগা, ভাল দৰা পোৱা টান নহ’ব। ইয়াৰ ভিতৰতে কেইবাজনেও মোক ধৰিছেই। মোৰ মতে তাৰে যিটোক মনে-পিঠিয়ে আঁটে, তাৰ লগতেই বিয়া দিয়া হওক। এতিয়া আৰু তুমি দুখ কৰিব নালাগে। ময়ে যি হয় পথাৰে-সমাৰে কৰিম, তুমি বাৰীখনতে মন গ’লে কিবাকিবি কৰিবা। বৌৱেও টান কাম কৰিব নালাগে, ভাতমুঠি সিজাই

দিলেই হ’ব?"