বলো জখলাবন্ধালৈ যোৱাৰ পিচ দিনা আবেলি সুভদ্ৰা
অতীত-ভবিষ্যৎ ভাবি অকলৈ বহি আছিল। কপাহীয়ে
তাতকে দুমোৰমান মাৰিছিল। সুভদ্ৰাৰ চিন্তাৰ অন্ত নাই।
ককায়েকে বা জখলাবন্ধাত কি খবৰ পায়, যদিহে কথা বেয়া
তেন্তে দয়াৰামৰ কি হ’ব, কপাহীৰেই বা কি দিহা লগাব
ইত্যাদি চিন্তাই তেওঁক জুমুৰি দি ধৰিছে। এনেতে পদূলিত
কোঢ়াল শুনি তেওঁ মূৰ দাঙি চালে। তেওঁ দেখিলে, এজন
দাৰোগা, দুজন চিপাহী আৰু লগতে কিছুমান গাৱঁৰ মানুহ।
তেওঁৰ মূৰ ঘূৰি গ’ল, বুকু কঁপি উঠিল, চকুৰে ধোঁৱা-কোঁৱা
দেখিলে। তেওঁ বুজিলে, পুলিচে গম পালে, দয়াৰামৰ আৰু
সাৰিবৰ উপায় নাই।
দাৰোগা সুভদ্ৰাৰ চোতাল পালেগৈ আৰু তেওঁক মাতিলে।
সুভদ্ৰা প্ৰথমতে মুছকঁছ যাওঁ যাওঁ হৈছিল আৰু ওলোৱা
নাছিল। কিছু সময়ৰ পাচত তেওঁ অলপ স্থিৰ হ’ল, গাৱঁৰ
মানুহে বুজাই বৰাই অভয় দিয়াত ওলাই আহিল।
দাৰোগাই ক’লে,—“মিছাতে ভয় কৰিছা কিয়? আমি
জানো বাঘ! আমি মুঠেই কেইটামান কথা সুধিম। তাৰ
পৃষ্ঠা:অদৃষ্ট.pdf/৯০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
